নিউজ ডেস্ক, 17 জানুৱাৰী: ভাটিন্দাৰ ৰক্তদাতা বিৰু বাঞ্চাল সমগ্ৰ অঞ্চলটোত ব্লাড মেচিন বা তেজৰ যন্ত্ৰ হিচাপে পৰিচিত (Blood Machine of Bathinda) ৷ বিৰুৱে বৰ্তমানলৈকে 69 বাৰতকৈও অধিক ৰক্তদান কৰিছে ৷ তেওঁৰ পত্নী আৰু সন্তানো এই ৰক্তদান অভিযানৰ সৈতে জড়িত ৷ তেওঁলোকে নিয়মীয়াকৈ ৰক্তদান কৰে ৷ 1998 পোন প্ৰথমবাৰৰ বাবে বিৰুৱে ৰক্তদান কৰিছিল (Blood Machine Biru Bansal) ৷
কেনেদৰে আৰম্ভ হৈছিল এই অভিযান:
ব্লাড মেচিন ৰূপে জনাজাত বিৰু বাঞ্চালে এই অভিযান আৰম্ভ কৰিছিল 1998 চনত ৷ ইটিভিৰ সাংবাদিকৰ আগত বিৰুৱে কয় যে, 1998 চনৰ পৰাই তেওঁ ৰক্তদান অভিযান ‘মহা দান’ৰ সৈতে জড়িত হৈ আছে (Khoon Daan Maha Daan) ৷ বৰ্তমানলৈকে তেওঁ অতিকমেও 69 বাৰ ৰক্তদান কৰিছে ৷ তেওঁ কয় যে, বৰ্তমান তেওঁৰ পৰিয়ালৰ সদস্যসকলো এই অভিযানৰ সৈতে জড়িত ৷ তেওঁৰ পত্নী আৰু সন্তানেও ৰক্তদান অভিযানলৈ অৱদান যোগাই আহিছে ৷ এতিয়ালৈকে প্ৰায় 100 মানুহে এই অভিযানত যোগ দিছে আৰু ভাটিন্দাত ব্যাপকভাৱে প্ৰসাৰ লাভ কৰিছে এই অভিযানে (Blood donation camp by Biru Bansal) ৷
এছিয়া সৰ্বাধিক ৰক্তদানকাৰী চহৰ ভাটিন্দা:
বিৰু বাঞ্চালে ভাটিন্দাক এছিয়াৰ ভিতৰতে সৰ্বাধিক ৰক্তদানকাৰী চহৰৰ ভিতৰত এখন কৰি তুলিছে (Most blood donor city of Asia) ৷ বিৰু বাঞ্চালে কয় যে, প্ৰথম অৱস্থাত লোকসকলে ৰক্তদান কৰিবলৈ ওলাই অহা নাছিল ৷ কিয়নো সেই সময়ত মানুহে তেজ দান নকৰে বুলি এক ভুৱা প্ৰচাৰ চলিছিল ৷ কিন্তু লাহে লাহে লোকসকলক ৰক্তদান সন্দৰ্ভত সজাগ কৰা হ’ল ৷ বৃহৎ পৰিসৰত প্ৰচাৰ চলোৱাৰ অন্তত লোকসকল আগবাঢ়ি আহিল আৰু তেজ দিবলৈ ইচ্ছুক হ’ল ৷