নিউজ ডেস্ক, ৪ জানুৱাৰী: শনিবাৰৰ পৰা সন্ধান নাই ২০ বছৰ ধৰি পাকিস্তানত কাৰাবন্দীৰ জীৱন কটাই স্বদেশলৈ উভতি অহা বিৰজু কুলুৰ । বিগত বৰ্ষৰ নৱেম্বৰ মাহত ওড়িশাৰ কটংগাৰ স্ব-গৃহত উপস্থিত হৈছিল বিৰজু । শনিবাৰে নিশা ৫০ বছৰীয়া বিৰজু কুলু পুনৰ নিৰুদ্দিষ্ট হয় । দেওবাৰে তেওঁৰ ভগ্নীয়ে কুট্ৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰে । তেওঁৰ ভগ্নী টেট্ৰেচ কুলুৱে কয় যে,বিৰজু শনিবাৰে নিশাৰ পৰাই সন্ধানহীন হৈ আছে ।
আৰক্ষী,পৰিয়ালৰ লোক আৰু গাঁৱৰ ৰাইজে বিচাৰ-খোচাৰ কৰে যদিও তেওঁৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় । জ্যেষ্ঠ চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে,পাকিস্তানৰ কাৰাগাৰত ২০ বছৰ থাকি ওড়িশাৰ কটংগাৰলৈ উভতি অহাৰ দিনা গাঁওবাসীয়ে বিৰজুক উষ্ম আদৰণি জনাইছিল । মানসিক অস্থিৰতাতো ভুগি থকা বিৰজুৱে পাকিস্তানৰ সীমান্তত বাট হেৰুৱাইছিল আৰু ইয়াৰ পিছতে তেওঁক চোৰাংচোৱা বুলি সন্দেহ কৰি শাস্তি প্ৰদান কৰা হৈছিল ।