নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: ‘বিৰিয়ানি’ শব্দটো শুনিলেই আপোনাৰো চাগে জিভাৰ পানী ওলায় ৷ পিছে বিৰিয়ানি প্ৰিয়সকলৰ বাবে এক দুঃখবৰ ৷ কিয়নো বিৰিয়ানিত ব্যৱহৃত মছলাই পুৰুষৰ যৌন অনুভূতি ধ্বংস কৰে ৷ পিছে এয়া কোনো বৈজ্ঞানিকে কোৱা কথা নহয় ৷ এই ঘটনা পশ্চিমবংগৰ ৷
পশ্চিমবংগত সংঘটিত হৈছে এক অস্বাভাৱিক ঘটনা ৷ দেওবাৰে তৃণমূল কংগ্ৰেছৰ বিতৰ্কিত নেতা তথা কোচবিহাৰ পৌৰসভাৰ অধ্যক্ষ ৰবীন্দ্ৰনাথ ঘোষে (TMC leader Rabindra Nath Ghosh) কোনো ধৰণৰ বৈধ কাৰণ নোহোৱাকৈ এখন বিৰিয়ানি দোকান বন্ধ কৰি দিয়ে ৷ নেতাগৰাকীৰ মতে, বিৰিয়ানিত ব্যৱহৃত মছলাই পুৰুষৰ যৌন অনুভূতি ধ্বংস কৰে (Spices used in Biriyani destroys male sexual drive) ৷
অৱশ্যে এই অভিযোগ সন্দৰ্ভত তৃণমূল কংগ্ৰেছ নেতা তথা কোচবিহাৰ পৌৰসভাৰ অধ্যক্ষ ৰবীন্দ্ৰনাথ ঘোষৰ হাতত কোনো ধৰণৰ বিজ্ঞানসন্মত কাৰণ নাই ৷ তথাপিও মমতা বেনাৰ্জী মন্ত্ৰালয়ৰ (Mamata Banerjee ministry) উত্তৰ বংগ উন্নয়ন বিভাগৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মতে বিৰিয়ানি সুস্বাদুকৈ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা উপাদান আৰু মছলাবোৰে পুৰুষত্ব হ্ৰাস কৰে বুলি বিভিন্ন দিশৰ পৰা অভিযোগ উত্থাপন হৈছে ৷ সেয়ে ‘কলকাতা বিৰিয়ানি দোকান’ (Kolkata Biriyani Shop) নামৰ দোকানখন বন্ধ কৰি দিয়া বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে (Biriyani reduces virility Trinamool leaders closes shop) ৷