অসম

assam

ETV Bharat / bharat

বিৰিণা সাহিত্য বঁটা-2021 আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা-2021 ঘোষণা

বিৰিণা গোষ্ঠী অসমৰ বিৰিণা সাহিত্য বঁটা-2021 আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা-2021 ঘোষণা ৷ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱালৈ বিৰিণা সাহিত্য বঁটা 2021 আৰু বিশিষ্ট সাংবাদিক ড৹ কুমুদ দাসলৈ বিৰিণা সংবাদ প্ৰহৰী বঁটা - 2021 ঘোষণা ৷

বিৰিণা সাহিত্য বঁটা 2021 আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা 2021 ঘোষণা
বিৰিণা সাহিত্য বঁটা 2021 আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা 2021 ঘোষণা

By

Published : Dec 28, 2020, 2:20 PM IST

Updated : Dec 28, 2020, 2:33 PM IST

বৰপেটা,28 ডিচেম্বৰ:বিৰিণা গোষ্ঠী অসমৰ 2021 বৰ্ষৰ দুটাকৈ গুৰুত্বপূৰ্ণ বঁটা ঘোষণাদেওবাৰে বিৰিণা গোষ্ঠী অসমে বিৰিণা সাহিত্য বঁটা-2021 আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা-2021 ঘোষণা কৰে ৷ দেওবাৰে সন্ধিয়া সৰ্থেবাৰীৰ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰা গৃহত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ ডিচেম্বৰ মাহৰ সাহিত্য আলাপ 'বিৰিণা বৈভৱ' আৰু গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ 'স্মৃতিচাৰণ সভা' অনুষ্ঠিত কৰাৰ মাজতে এই বিশেষ বঁটা ঘোষণা কৰা হয় ৷

বিৰিণা সাহিত্য বঁটা-2021 আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা-2021 ঘোষণা

বিশিষ্ট লেখক-গৱেষক,পণ্ডিত,কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱালৈ বিৰিণা সাহিত্য বঁটা 2021 ঘোষণা কৰাৰ পৰিৱৰ্তে বিৰিণা সংবাদ প্ৰহৰী বঁটা - 2021 ৰ বাবে বিশিষ্ট সাংবাদিক ড৹ কুমুদ দাসক নিৰ্বাচিত কৰা হয় ৷ অহা 31 জানুৱাৰীত নলবাৰী জিলাৰ দৌলাশালত অনুষ্ঠিত হ'বলগীয়া বিৰিণা গোষ্ঠী অসমৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুকলি সভাত এই বঁটা প্ৰদান কৰা হ'ব বুলি গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকে জানিবলৈ দিয়ে ৷

বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন-দৰ্শনৰ ওপৰত বক্তব্য প্ৰদান কৰে ।

অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ আৰু সৰুক্ষেত্ৰী মহকুমা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ভবেশ ডেকাই ৷ প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নেচনেল ইন্সটিটিউত অৱ টেকন'লজি,কৰ্ণাটকৰ অধ্যাপক ডঃ পৰেশ চন্দ্ৰ ডেকাই ৷ গীত-মাত, কবিতা,সংলাপেৰে জীপাল হৈ পৰা শীতৰ সন্ধিয়াৰ উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভবজিৎ বেজবৰুৱা, সূৰ্য্য থিয়েটাৰৰ প্ৰযোজক মুনীন্দ্ৰ বৰ্মন, শিক্ষাবিদ ৰোহিণী কুমাৰ দাসৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি প্ৰতিমা বৰুৱাৰ জীৱনৰ দৰ্শনৰ ওপৰত আলোকপাত কৰে ৷
লগতে পঢ়ক:বিৰোধী দলপতিৰ স্বীকৃতি হেৰুৱালে দেৱব্ৰত শইকীয়াই

Last Updated : Dec 28, 2020, 2:33 PM IST

For All Latest Updates

TAGGED:

2021 yjd

ABOUT THE AUTHOR

...view details