নেচনেল ডেস্ক, 11 জানুৱাৰী:উত্তৰ প্ৰদেশ, কেৰালা, ৰাজস্থান, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানাৰ আৰু গুজৰাটৰ পাছতে বাৰ্ড ফ্লুত আক্ৰান্ত অষ্টম খন ৰাজ্যৰ তালিকাত মহাৰাষ্ট্ৰৰ নাম সন্নিৱিষ্ট হৈ পৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যখনৰ পৰভানি জিলাত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ ইতিমধ্যে প্ৰায় 800 পক্ষীৰ মৃত্যু হৈছে ৷ জানিব পৰা মতে ৰাজ্যখনৰ নাগপুৰ, মুম্বাই আৰু লাটুৰ জিলাত হঠাৎ কাউৰী, ভাটৌ, মুৰ্গীৰ মৃত্যু হোৱা পৰিলক্ষিত হয় ৷ এই ঘটনাৰ পাছতে মৃত্যুৰ কাৰণ বিচাৰি উলিওৱাৰ উদ্দেশ্যে মৃত পক্ষীৰ নমুনাসমূহ ভূপালৰ এখন পৰীক্ষামূলক বিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ একে সময়তে পাৰভানিত হোৱা কুকুৰাৰ মৃত্যুৱে মহাৰাষ্ট্ৰলৈও বাৰ্ড ফ্লুৰ সংক্ৰমণৰ কথা নিশ্চিত কৰে ৷
জানিব পৰা মতে বিগত চাৰি দিন পূৰ্বে মুৰুম্বা নামৰ গাঁওখনত একেৰাহে দুদিন ধৰি প্ৰায় 800 মুৰ্গীৰ মৃত্যু হোৱাৰ উপৰিও গাঁওখনত অন্য বহু পক্ষীৰো মৃত্যু হয় ৷ এই ঘটনাৰ পাছতে পশুপালন বিভাগ আৰু পশু চিকিৎসা মহাবিদ্যলয়ৰ চিকিৎসক সকলে গাঁওখনলৈ আহি মৃত পক্ষী সমূহৰ নমুনা সংগ্ৰহ কৰি পুনেৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে ৷