অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত বাৰ্ড ফ্লুৰ ভয়ংকৰ ৰূপ

মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত পুনৰ বাৰ্ড ফ্লুত মৃত্য়ু হৈছে পক্ষীৰ । কেৱল বৃহস্পতিবাৰৰ দিনটোত ৰাজ্য়খনত মৃত্য়ু ৩৮২ টা পক্ষীৰ ।

মহাৰাষ্ট্ৰত বাৰ্ড ফ্লুৰ ভয়ংকৰ ৰূপ
মহাৰাষ্ট্ৰত বাৰ্ড ফ্লুৰ ভয়ংকৰ ৰূপ

By

Published : Jan 15, 2021, 1:59 PM IST

নিউজ ডেস্ক , ১৫ জানুৱাৰী : দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহাৰাষ্ট্ৰত বাৰ্ড ফ্লুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে । ৰাজ্য়খনত বিগত কেইটামান সপ্তাহৰ ভিতৰতে মৃত্য়ু হৈছে প্ৰায় ৩,৩৭৮ টা পক্ষীৰ । বৃহস্পতিবাৰে পুনৰ ৰাজ্য়খনৰ ৯ খন জিলাত মৃত্য়ু হৈছে ৩৮২ টা পক্ষীৰ । বিভাগীয় কতৃপক্ষই জানিবলৈ দিয়া মতে, শেহতীয়াকৈ ৰাজ্য়খনৰ লাতুৰ, নাণ্ডেদ, নাছিক আৰু আহমেদনগৰ জিলাৰ পৰা পঠিওৱা নমুনাটো ধৰা পৰিছে বাৰ্ড ফ্লুৰ অৱস্থিতি । বৃহস্পতিবাৰে মৃত্য়ু হোৱা ৩৮২ টা পক্ষীৰ নমুনাও ইতিমধ্য়ে ভূপালৰ নেছনেল ইনষ্টিটিউট অব হাই চিকিউৰিটি এনিমেল ডিজিছ আৰু পূণেৰ ডিআইএচলৈ পঠিওৱা হৈছে । ৰাজ্য়খনৰ ৯ জিলাত ইতিমধ্য়ে বাৰ্ড ফ্লুৰ সংক্ৰমণ আৰম্ভ হোৱা বুলি জনাই বিভাগীয় কতৃপক্ষই ।

ইফালে মুম্বাইৰ থানে জিলা আৰু ডাপোলীৰ পৰা পঠিওৱা কাউৰী আৰু বগলীৰ নমুনাতো বাৰ্ড ফ্লু ধৰা পৰিছে । লগতে ৰাজ্য়খনৰ বিভিন্ন স্থানৰ ফাৰ্মৰ পৰা পঠিওৱা নমুনা আৰু কাউৰী ,বগলী আদিত এভিয়ান ইনফ্লুৱেঞ্জাৰ ভিন্ন প্ৰকাৰ ধৰা পৰিছে । ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বাৰ্ড ফ্লুৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা সন্দৰ্ভত বিভিন্ন ধৰণে প্ৰচাৰ চলাবলৈ ৰাজ্য় চৰকাৰ সমূহক নিৰ্দেশ দিছে । প্ৰতিখন ৰাজ্য় চৰকাৰেও ৰাইজক সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিছে ।

লগতে পঢ়ক :তামিলনাডুৰ বাৰ্ষিক জাল্লিকাট্টু অনুষ্ঠানত আঘাতপ্ৰাপ্ত 58 গৰাকী

ABOUT THE AUTHOR

...view details