অসম

assam

বাৰ্ড ফ্লুঃ দিল্লীত মৃত্যু ৩৫ টা কাউৰীৰ

By

Published : Jan 9, 2021, 6:41 PM IST

দিল্লীৰ ময়ূৰ বিহাৰৰ ফেজ-৩ ৰ এখন পাৰ্কত মৃত্য়ু হয় প্ৰায় ১৭ টা কাউৰীৰ । ময়ূৰ বিহাৰ ফেজ-৩স্থিত চেন্ট্ৰেল পাৰ্কত কাউৰীৰ মৃত্য়ু হোৱাৰ পাচত উপ-মুখ্যমন্ত্ৰী মণীষ চিচোদিয়াই ঘটনা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি বিভাগীয় কৰ্তৃপক্ষক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰে ।

বাৰ্ড ফ্লুঃ দিল্লীত মৃত্যু ৩৫ টা কাউৰীৰ
বাৰ্ড ফ্লুঃ দিল্লীত মৃত্যু ৩৫ টা কাউৰীৰ

নিউজ ডেস্ক, ৯ জানুৱাৰী: দেশৰ ভিন্ন প্ৰান্তত পক্ষীকূলত পুনৰ ধৰা পৰিছে এভিয়ান ইনফ্লুয়েঞ্জা বা বাৰ্ড ফ্লুৰ অৱস্থিতি । কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে এতিয়ালৈ কেৰালা, ৰাজস্থান, মধ্য়প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটত ধৰা পৰিছে বাৰ্ড ফ্লুৰ সংক্ৰমণ । ইয়াৰ মাজতে দিল্লীতো এই ৰোগৰ সংক্ৰমণ ঘটিছে । শনিবাৰে ৰাজ্যখনৰ ময়ূৰ বিহাৰৰ ফেজ-৩ ৰ এখন পাৰ্কত মৃত্য়ু হয় প্ৰায় ১৭ টা কাউৰীৰ । ইয়াৰোপৰি দ্বাৰকাৰ DDA পাৰ্কত ২, পশ্চিম জিলাৰ হাতচালত ১৬ টা মুঠ ৩৫ টা কাউৰীৰ মৃত্যু হোৱাত দিল্লী চৰকাৰে এভিয়ান ইনফ্লুয়েঞ্জাৰ পৰীক্ষণৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ পৰা নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰে ।

দিল্লী মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰ অনুসৰি, কাউৰীৰ মৃত্য়ুৰ কাৰণ জানিবলৈ ইতিমধ্যে ময়ূৰ বিহাৰ আৰু হাতচালৰ পৰা ৮টা আৰু দ্বাৰকাৰ পৰা ১টা নমুনা প্ৰেৰণ কৰা হয় ।

নমুনা পৰীক্ষণৰ ফলাফলৰ অন্তত ময়ূৰ বিহাৰ ফেজ-৩স্থিত চেন্ট্ৰেল পাৰ্কত কাউৰীৰ মৃত্য়ু হোৱাৰ পাচত উপ-মুখ্যমন্ত্ৰী মণীষ চিচোদিয়াই ঘটনা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি বিভাগীয় কৰ্তৃপক্ষক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ পাচতে পাৰ্কখনত জৈৱ সুৰক্ষা ব্যৱস্থা পালন কৰি সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হয় ।

ইতিমধ্যে নমুনা পৰীক্ষণৰ বাবে সংগ্ৰহ কৰা নমুনাসমূহ মধ্য প্ৰদেশৰ ভূপালৰ পালাম গৱেষণাগাৰত নেশ্যনেল ইনষ্টিউট অফ হাই চিকুৰিটী এনিমেল ডিজেজ এণ্ড ইনণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্ছৰ এটা বিশেষ দলে প্ৰেৰণ কৰে । ইফালে পশ্চিম জিলাৰ DDA পাৰ্কৰ হাতচাল গাঁৱৰ পৰা পঞ্জাৱৰ জলন্ধৰৰ গৱেষণাগাৰলৈ নৰ্থাৰ্ণ ৰিজনেল ডিজেজ ডাইগ্নষ্টিকে প্ৰেৰণ কৰে ।

শুকুৰবাৰে ময়ূৰ বিহাৰ, দ্বাৰকা আৰু হাতচালত কাউৰীৰ মৃত্যু হোৱাত ১০৪ টা নমুনা লুধিয়ানালৈ প্ৰেৰণ কৰা হয় ।

ৰাজধানী দিল্লীৰ অখলা পক্ষী অভয়াৰণ্য, ধনুৰী আৰু সুৰজপুৰ জলাশয়ত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু বিভাগীয় কৰ্তৃপক্ষক কঠোৰ সকীয়নি দি প্ৰটকলৰ নিৰ্দেশ দিয়া হৈছে ।

ইয়াৰ মাজতে পঞ্জাৱ চৰকাৰেও বাৰ্ড ফ্লুৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যখনতে 'নিয়ন্ত্ৰণ ৰেখা' হিচাপে ঘোযণা কৰে ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ পৰভানি জিলাৰ মুৰুম্বা গাৱৰ এখন ফাৰ্মত মৃত্য়ু হয় প্ৰায় ৯০০ টা কুকুৰাৰ ।

লগতে পঢ়ক: মহিলাই পৰিচালনা কৰিব ছান ফ্ৰাঞ্চিছকো-বেঙ্গালুৰুৰ প্ৰথমখন বিমান

ABOUT THE AUTHOR

...view details