অসম

assam

ETV Bharat / bharat

স্বাস্থ্যৰ বুজ ল'বলৈ বনমন্ত্ৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ - দীৰ্ঘদিন ধৰি অসুস্থ বন মন্ত্ৰী এন চি দেৱবৰ্মা

দীৰ্ঘদিন ধৰি অসুস্থ বনমন্ত্ৰী এন চি দেৱবৰ্মাৰ স্বাস্থ্যৰ বুজ ল'বলৈ নেতাগৰাকীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Biplab Kumar Dev at forest minister's residence)। জিবি পন্ত চিকিৎসালয়ৰ বিশেষ চিকিৎসকৰ এটা দলক বন মন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । নেতাগৰাকী সোনকালে আৰোগ্য হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ ।

Biplab Kumar Dev
স্বাস্থ্যৰ বুজ ল'বলৈ বন মন্ত্ৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

By

Published : Jan 26, 2022, 1:31 PM IST

আগৰতলা,২৬ জানুৱাৰী :ত্ৰিপুৰাৰ বন মন্ত্ৰী তথা আইপিএফটিৰ জ্যেষ্ঠ নেতা এন চি দেৱবৰ্মা দীৰ্ঘদিন ধৰি অসুস্থ । মঙলবাৰে ৮৯ বছৰীয়া নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ তেওঁৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Biplab Kumar Dev at forest minister's residence)। নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে কন্যা আৰু স্বাস্থ্য সচিব জে কে সিনহাৰ সৈতেও বাৰ্তালাপ কৰে নেতাগৰাকীয়ে ।

ইয়াৰ পাছতে জিবি পন্ত চিকিৎসালয়ৰ বিশেষ চিকিৎসকৰ এটা দলক বন মন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে মন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁ এটা চিকিৎসকৰ দলক নিৰ্দেশ দিছে । তেওঁ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে নেতাগৰাকী সোনকালে সুস্থ হৈ উঠে । অতি শীঘ্ৰে সুস্থ হৈ তেওঁ পুনৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম আৰম্ভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকী আশাবাদী ।

লগতে পঢ়ক :BSF raid in Tripura: ২০২১ চনত ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ৩৬ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details