অসম

assam

By

Published : Sep 28, 2022, 6:35 PM IST

ETV Bharat / bharat

ৰাজ্যসভাৰ সাংসদ হিচাবে শপত গ্ৰহণ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বুধবাৰে নতুন দিল্লীত ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে (Biplab Kumar Deb took oath as Rajya Sabha MP) ।

Biplab Kumar Deb
Biplab Kumar Deb

আগৰতলা, ২৮ ছেপ্টেম্বৰ : বুধবাৰে নতুন দিল্লীত ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Kumar Deb took oath as Rajya Sabha MP) ।

শপত গ্ৰহণৰ পিছতে বিপ্লৱ দেৱে তেওঁৰ টুইটাৰত লিখিছে (Former Tripura CM Biplab Kumar Deb), "মাতা ত্ৰিপুৰাসুন্দৰীৰ আশীৰ্বাদত ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰি সন্মানিত হ’লো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, বিজেপি সভাপতি জেপি নাড্ডাজী, গৃহ মন্ত্ৰী অমিত শ্বাহজী আৰু জ্যেষ্ঠ নেতৃত্বক মোৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ" ৷

তেওঁ লগতে লিখিছে, "সকলোৰে সমৰ্থন আৰু সামূহিক প্ৰচেষ্টাৰ সৈতে মই ত্ৰিপুৰাৰ কল্যাণ আৰু উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিম ।"

উল্লেখ্য যে, উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে (Rajya Sabha Chairman Jagdeep Dhankhar) আজি তেওঁৰ কাৰ্যালয়ত ৰাজ্যসভালৈ নৱনিৰ্বাচিত সদস্য বিপ্লৱ কুমাৰ দেৱ আৰু ৰাজ্যসভালৈ মনোনীত সদস্য গোলাম আলীক শপত বাক্য পাঠ কৰায় ।

উল্লেখ্য, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ডাঃ মাণিক সাহাৰ (Tripura CM Dr Manik Saha) পদত্যাগৰ ফলত খালী হোৱা ৰাজ্যসভাৰ আসনখনৰ পদ পূৰণৰ বাবে ত্ৰিপুৰাত উপ-নিৰ্বাচন অনুষ্ঠিত হয় । উক্ত উপ-নিৰ্বাচনত বিপ্লৱ কুমাৰ দেৱ নিৰ্বাচিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ভি মূৰলীধৰণ; বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ; ৰাজ্যসভাৰ মহাসচিব পি চি মোদী আৰু ৰাজ্যসভা সচিবালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল অনুষ্ঠানটোত উপস্থিত থাকে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ২২ ছেপ্টেম্বৰত আগৰতলা চহৰৰ ত্ৰিপুৰা বিধানসভাত ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভা আসনখনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল । ত্ৰিপুৰা বিধানসভা চৌহদত পুৱা ৯ বজাত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয় আৰু আবেলি ৪ বজালৈকে চলে ।

ত্ৰিপুৰাৰ ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ সূত্ৰ অনুযায়ী, ক্ষমতাসীন বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু বিৰোধী চিপিআইএমৰ ভানুলাল সাহাকে ধৰি দুজন প্ৰাৰ্থীয়ে উক্ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে ।

লগতে পঢ়ক :ত্ৰিপুৰাত চাহ নিলাম কেন্দ্ৰ স্থাপনৰ সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা-চক্ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details