নেশ্যনেল ডেস্ক, ১৩ জুলাই: শেহতীয়াকৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Deb) কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুনৰাম মেঘৱাল(Arjun Ram Meghwal) ৰ সৈতে আলোচনাত মিলিত হয় । এই বৈঠকৰ পাছতে সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, তেওঁ আলোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ত্ৰিপুৰাত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ শাখা(Archaeological Survey of India) কাৰ্যালয় স্থাপনৰ বাবে আহ্বান জনায় । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ মতে, ত্ৰিপুৰাত গুৰুত্বপূৰ্ণ আঠটা পুৰাতাত্ত্বিক স্থানৰ ভিতৰত সাতটা স্থান আছে । তথাপিও কাৰ্যালয়টো মিজোৰামতহে অৱস্থিত ৷
মুখ্যমন্ত্ৰী দেৱে কয় যে, কেন্দ্ৰীয় চৰকাৰে এনে এটা কাৰ্যালয় স্থাপনৰ ব্যৱস্থা কৰা উচিত য'ত পৰ্যটনস্থলীৰ সংখ্যা অধিক । তেওঁ পূৰ্বেও এখন পত্ৰৰ জৰিয়তে ত্ৰিপুৰাত পুৰাতাত্ত্বিক জৰীপৰ শাখা কাৰ্যালয় স্থাপনৰ দাবী জনাইছিল । এতিয়া পুনৰ এই দাবীসমূহেই উত্থাপন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । অতি সোনকালেই এই দাবী পূৰণ হ'ব বুলিও তেওঁ মন্তব্য কৰে ।
উনাকোটিৰ উদাহৰণ দি মুখ্যমন্ত্ৰী দেৱে কয়, উনাকোটি হৈছে অতি গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী ।
সমগ্ৰ বিশ্বৰ পৰ্যটকে উনাকোটিৰ বিষয়ে জানিবলৈ কৌতুহলী আৰু ঠাইখন পৰিদৰ্শন কৰিব বিচাৰে । এই কৌতুহলৰ বাবে উনাকোটিলৈ বহু লোকৰ আগমন ঘটে । তেওঁ লগতে কয় যে, এতিয়া উনাকোটিৰ উন্নয়ন সাধনৰ কৰাৰ ক্ষমতাত ত্ৰিপুৰাৰ হাতত নাই ।
ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ শাখা কাৰ্যালয় স্থাপন হ'লে বিভিন্ন পৰিকল্পনা ৰূপায়ণ কৰা আৰু বিকাশৰ ক্ষেত্ৰত কাম কৰাতো সম্ভৱপৰ হৈ উঠিব । ইয়াৰোপৰি নীৰমহল, চাবিমুৰাৰ পৰা মাতাবাৰীলৈকে কেইবাটাও উন্নয়নমূলক প্ৰকল্প লোৱা হৈছে । প্ৰসাদ আঁচনিৰ অধীনত মাতাবাৰীৰ সামগ্ৰিক ৰূপৰেখাৰ বাবে ৩৫ কোটি টকা ধাৰ্য কৰা হৈছে । দেৱে লগতে কয় যে, তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে গুৰুত্বপূৰ্ণ পৰ্যটন স্থলীৰ বিষয়ে কথা পাতিছে ।
তেওঁ ব্যক্তিগতভাৱে মন্ত্ৰীগৰাকীক মাতাবাৰী, চাবিমুৰা আৰু পিলাক পুৰাতাত্ত্বিক স্থানলৈ বিকাশিত কৰাৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা কেইবাটাও প্ৰকল্পৰ বিষয়ে অৱগত কৰিছে বুলি জানিবলৈ দিছে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বিষয়েও অৱগত কৰে । ত্ৰিপুৰাত এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিলে ই কেৱল ৰাজ্যখনকে লাভান্বিত নকৰে ৷ ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে নিজৰ সংস্কৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব ৷
লগতে পঢ়ক: হিমাচলৰ ধৰ্মশালাত বানৰ প্ৰলয়ংকাৰী ৰূপ