অসম

assam

ETV Bharat / bharat

ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ - Home Minister Amit Shah

সোমবাৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে দাবী কৰে যে বিজেপিয়ে আগন্তুক ২০২৩ আৰু ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত ত্ৰিপুৰাৰ লগতে হাৰিয়ানাতো পুনৰ ক্ষমতালৈ আহিব (Biplab Deb claimed BJP retained power in Tripura) ।

Biplab Deb
Biplab Deb

By

Published : Sep 12, 2022, 5:17 PM IST

আগৰতলা, ১২ ছেপ্টেম্বৰ : সোমবাৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে দাবী কৰে যে বিজেপিয়ে আগন্তুক ২০২৩ আৰু ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত ত্ৰিপুৰাৰ লগতে হাৰিয়ানাতো পুনৰ ক্ষমতালৈ আহিব (Biplab Deb claimed BJP retained power in Tripura) ।

ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভা আসনখনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ (Biplab Kumar Deb filed nomination for Rajya Sabha) পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই মন্তব্য আগবঢ়ায় ৷ উল্লেখ্য, মনোনয়ন-পত্ৰ দাখিলৰ সময়ত বিপ্লৱ কুমাৰ দেৱৰ সৈতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা (Tripura Chief Minister Dr Manik Saha), কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক, প্ৰদেশ বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্য, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা, সাংসদ ৰেবাটি ত্ৰিপুৰা, ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী-বিধায়কসকল আৰু শাসকীয় দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে ।

তেওঁ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP National President JP Nadda), প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহকে (Home Minister Amit Shah) ধৰি সকলো বিজেপি নেতাক তেওঁৰ ওপৰত বিশ্বাস ৰখা আৰু তেওঁক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে (Biplab Deb thanked all BJP leaders) ।

"দলটোৱে মোৰ ওপৰত বিশ্বাস ৰাখিছে আৰু মোৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে । লগতে হাৰিয়ানা বিজেপিৰ 'প্ৰভাৰী' হিচাপেও দায়িত্ব দিছে ।আজি আন ৰাজ্যিক নেতাসকলৰ সৈতে মই মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ ইয়ালৈ আহিছোঁ । ত্ৰিপুৰাৰ সকলো লোকৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । আৰু এই দুয়োখন ৰাজ্যতে মই প্ৰতিখনত ১৫ দিনকৈ অতিবাহিত কৰিম ।" তেওঁ লগতে কয় ।

তেওঁ লগতে কয় যে ২০১৫ চনৰ পৰা ত্ৰিপুৰাত তেওঁ যেনেধৰণে কাম কৰা আৰম্ভ কৰিছে, ঠিক একেদৰে তেওঁ সকলোৰে সামূহিক প্ৰচেষ্টাত কাম কৰি ২০২৩ চনত বিজেপিক ক্ষমতালৈ ঘূৰাই আনিব আৰু লগতে ত্ৰিপুৰাত 'ভিজন ২০৪৭'ৰ লক্ষ্যত উপনীত হ'ব । "বিজেপিয়ে ২০২৩ চনত ত্ৰিপুৰাত আৰু ২০২৪ চনত হাৰিয়ানাত পুনৰ চৰকাৰ গঠন কৰিব ।" বিপ্লৱ দেৱৰ সংযোজন ।

লগতে পঢ়ক :তাপী মিৰাৰ সন্ধানত বেছ কেম্পত উপস্থিত সেনাৰ দল

ABOUT THE AUTHOR

...view details