অসম

assam

ETV Bharat / bharat

Bio village in Tripura : জৈৱ গাঁও হিচাবে চিহ্নিত হ’ল ত্ৰিপুৰাৰ কিল্লা - প্ৰথমখন জৈৱ গাঁও

শনিবাৰে ত্ৰিপুৰাৰ কিল্লাক আনুষ্ঠানিকভাৱে জৈৱ গাঁও হিচাবে ঘোষণা কৰা হয় (County's first Bio Village Solar Hamlet in Tripura) ৷ কিল্লাক জৈৱ গাঁও হিচাবে মুকলি কৰে জৈৱ প্ৰযুক্তি সঞ্চালকালয়ৰ দায়িত্বত থকা উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মনে ৷

Bio village in Tripura
জৈৱ গাঁও হিচাবে চিহ্নিত হ’ল ত্ৰিপুৰাৰ কিল্লা

By

Published : Nov 6, 2022, 5:38 PM IST

আগৰতলা, 6 নৱেম্বৰ :সেউজীয়া পাহাৰৰ মাজত অৱস্থিত এখন বিশেষ গাঁও ৷ আমি ক’বলৈ লোৱা গাঁওখন নৱীকৰণযোগ্য শক্তিৰে স্থাপন কৰা এখন জৈৱ গাঁও হিচাবে বৰ্তমান চিহ্নিত হৈছে ৷ গোমতীৰ অন্তৰ্গত কিল্লা নামেৰে খ্যাত এই গাঁওখন আগৰতলাৰ ৰাজধানী চহৰৰ পৰা প্ৰায় 80 কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷

জৈৱ গাঁও হিচাবে চিহ্নিত হ’ল ত্ৰিপুৰাৰ কিল্লা

সম্ভৱত দেশত নৱীকৰণযোগ্য শক্তিৰে স্থাপন কৰা এয়াই হৈছে প্ৰথমখন জৈৱ গাঁও (Bio village in Tripura) ৷ শনিবাৰে আনুষ্ঠানিকভাৱে জৈৱ গাঁও হিচাবে কিল্লাক মুকলি কৰে জৈৱ প্ৰযুক্তি সঞ্চালকালয়ৰ দায়িত্বত থকা উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মনে ৷ উল্লেখ্য যে, ত্ৰিপুৰাৰ গোমতী জিলাত অৱস্থিত এই জৈৱ গাঁওখনত আছে প্ৰায় 60 টা পৰিয়াল ৷

গাঁওখনত বসবাস কৰা অধিকাংশ লোক কৃষি কৰ্মৰ লগত জড়িত ৷

পূৰ্বতে এই গোমতী জিলাৰ এই বিশেষ পাহাৰীয়া গাঁওখনত নাছিল কোনোধৰণৰ বিদ্যুতৰ সু-ব্যৱস্থা ৷ যাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছিল গাঁওবাসী ৷ কেৱল বিদ্যুতেই নহয়, খোৱাপানীৰ সমস্যাৰো সন্মুখীন হ’ব লগাত পৰিছিল গাঁওবাসী ৷ আনকি অলপ বৰষুণ দিলেই কেবাদিনলৈকে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে উক্ত অঞ্চলটোত ৷

লগতে পঢ়ক :Shooting of Emergency: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কংগনা ৰাণাৱটৰ

এক প্ৰকাৰে বহিঃৰাজ্যৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ত্ৰিপুৰাৰ উক্ত অঞ্চলটো ৷ ফলত বহু সমস্যাই গা কৰি উঠিছিল এই পাহাৰীয়া কিল্লা গাঁওখনত ৷ কিন্তু ৰাজ্যখনত কৃষি আৰু আনুসংগিক খণ্ডৰ বহনক্ষম বিকাশৰ সুবিধাৰ উদ্দেশ্যে জৈৱিক কৃষিৰ প্ৰচাৰৰ প্ৰাথমিক লক্ষ্য লৈ 2018 চনত ত্ৰিপুৰা চৰকাৰৰ জৈৱ প্ৰযুক্তি সঞ্চালকালয়ে প্ৰথমে ‘‘জৈৱ গাঁও’’ ধাৰণাটো প্ৰৱৰ্তন কৰে (Directorate of Biotechnology Government of Tripura) ৷

অৱশ্যে এই উদ্যোগ বিকশিত হোৱাৰ লগে লগে জৈৱ গেছ, উন্নত প্ৰজাতিৰ পশুধন, সৌৰশক্তি চালিত কৃষি সঁজুলি আৰু শক্তি সঞ্চয় বৈদ্যুতিক সঁজুলিৰ দৰে উপাদানবোৰ অন্তৰ্ভুক্ত কৰা হয় ৷ যাতে প্ৰকল্পটোৰ পৰিসৰ বহল হয় । লগতে ইয়াক জলবায়ু-স্মাৰ্ট কৰি তুলিব পৰা যায় । সেই উদ্দেশ্য আগত ৰাখিয়েই শনিবাৰে আনুষ্ঠানিকভাৱে গোমতীৰ অন্তৰ্গত কিল্লাক জৈৱ গাঁও হিচাপে মুকলি কৰা হয় (County's first Bio Village Solar Hamlet in Tripura) ৷

কেৱল সৌৰ শক্তি পাম্প স্থাপন কৰাই নহয়, বিশুদ্ধ পানীৰ বাবে এখন পৰিস্ৰাৱণ ফাৰ্মো স্থাপন কৰা হয়৷ কিয়নো জৰীপৰ সময়ত পোৱা তথ্য অনুসৰি, এই অঞ্চলৰ লোকসকলে ব্যৱহাৰৰ বাবে কেৱল খাল বা পুখুৰীৰ পানী ব্যৱহৃত কৰে ৷ যাৰ ফলত পানীৰ দ্বাৰা হোৱা বিভিন্ন ৰোগত আক্ৰান্ত হয় উক্ত অঞ্চলৰ লোকসকল ৷ সংবাদমাধ্যমৰ আগত এই কথা সদৰী কৰে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মনে ৷

উল্লেখ্য যে, উক্ত অঞ্চলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে কেৱল সৌৰ পাম্প স্থাপন কৰাই নহয়, নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ যোগানৰ বাবে 7 টাতকৈ অধিক সৌৰ মাইক্ৰ'গ্ৰীড, সৌৰ পথৰ পোহৰ, এটা সামূহিক সৌৰ খোৱাপানী প্ৰকল্প, জৈৱ গেছ প্ৰকল্পও গাঁওবাসীৰ বাবে মুকলি কৰি দিয়ে ৷

লগতে পঢ়ক :ত্ৰিপুৰাত দেশৰ প্ৰথম জৈৱিক গাঁও স্থাপন

ABOUT THE AUTHOR

...view details