অসম

assam

ETV Bharat / bharat

Chandrayaan 3 landing: জোনবাইৰ দেশৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অপেক্ষাৰত দেশবাসী - landing of Chandrayaan 3 Mission

বৰ্তমান সমগ্ৰ বিশ্বৰ মনোযোগ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত । য'ত ভাৰতে আজি (২৩ আগষ্ট) সন্ধিয়া ঠিক 6.04 বজাত এক সাহসী কৃতিত্ব স্থাপন কৰিবলৈ আগবাঢ়িছে । চন্দ্ৰযান-৩-ৰ ঐতিহাসিক মুহূৰ্তৰ কাউণ্ট ডাউন আৰম্ভ হোৱাৰ লগে লগেই বিশ্বই ৰুদ্ধশ্বাসেৰে চাই ৰ'ব আৰু কোটি কোটি ভাৰতীয়ৰ আত্মাই গভীৰ শ্বাস ল'ব, আত্মসন্তুষ্টিত বিশ্বৰ সন্মুখত শিৰ উচ্চ হ'ব ।

Chandrayaan 3
Chandrayaan 3

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 10:29 AM IST

নিউজ ডেস্ক, ২৩ আগষ্ট : টিক টিক টিক কৰি আগবাঢ়িছে ঘড়ীৰ কাঁটা । যিমানেই ঘড়ীটোৱে টিকটিকাইছে সিমানেই বাঢ়িছে ভাৰতীয় মহাকাশ সংস্থাৰ হৃদস্পন্দনৰ গতি । লগে লগে বাঢ়িছে কোটি কোটি ভাৰতীয়ৰ উৎকণ্ঠা আৰু অনুসন্ধিৎসা । অৱশ্যে এয়া আৱশ্যম্ভাৱী । কিয়নো সমগ্ৰ দেশে আজি আগবাঢ়িছে মহাকাশৰ বুকুত, বিশ্বৰ সন্মুখত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ । যাৰ বাবে কেৱল কোটি কোটি ভাৰতীয়ই নহয়, সমগ্ৰ বিশ্বৰ দৃষ্টিও নিবদ্ধ হৈ আছে ইছৰোৰ অভিলাষী প্ৰকল্প চন্দ্ৰযান-৩-ৰ সফল অৱতৰণৰ বাবে । জোনবাইৰ বুকুত ভাৰতৰ ইতিহাস সৃষ্টিৰ বিৰল মুহূৰ্তৰ সাক্ষী হ'বলৈ সেয়া এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষাৰত ।

চন্দ্ৰযান-৩-ৰ অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ চাবলৈ তলৰ লিংকত ক্লিক কৰক :

এই সময়ত সমগ্ৰ বিশ্বৰ মনোযোগ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত । য'ত ভাৰতে আজি (২৩ আগষ্ট) সন্ধিয়া ঠিক 6.04 বজাত এক সাহসী কৃতিত্ব স্থাপন কৰিবলৈ আগবাঢ়িছে । চন্দ্ৰযান-৩-ৰ ঐতিহাসিক মুহূৰ্তৰ কাউণ্ট ডাউন আৰম্ভ হোৱাৰ লগে লগেই বিশ্বই ৰুদ্ধশ্বাসেৰে চাই ৰ'ব আৰু কোটি কোটি ভাৰতীয়ৰ আত্মাই গভীৰ শ্বাস ল'ব, আত্মসন্তুষ্টিত বিশ্বৰ সন্মুখত শিৰ উচ্চ হ'ব ।

এনে এক ঐতিহাসিক মুহূৰ্তৰ শিখৰত, উচ্চাভিলাষী চন্দ্ৰযান-৩ অভিযানে বুধবাৰে চন্দ্ৰপৃষ্ঠত এক দুঃসাহসিক মসৃণ অৱতৰণৰ বাবে সাজু হোৱাৰ লগে লগে ভাৰতৰ মহাকাশ সম্প্ৰদায় অধিক আশাৰে উচ্ছ্বসিত হৈ পৰিছে ।

পুৱা ৮.৪৯ বজা

চন্দ্ৰযান-৩ মিছনৰ সফল অৱতৰণৰ বাবে সমগ্ৰ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়া চলিছে প্ৰাৰ্থনা । ভাৰতীয়-আমেৰিকান সদস্যসকলে নিউ জাৰ্চীৰ মনৰোৰ ওম শ্ৰী সাই বালাজী মন্দিৰ আৰু সাংস্কৃতিক কেন্দ্ৰত প্ৰাৰ্থনা কৰিছে । তেওঁলোকে কৈছে : "এইটো আমাৰ সকলো ভাৰতীয় সম্প্ৰদায়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । আশাকৰোঁ সকলো ঠিকে-ঠাকে হৈ যাব । চন্দ্ৰযান দললৈ শুভেচ্ছা ।"

পুৱা ৮.২৪ বজা

এষ্ট্ৰোফিজিষ্ট আৰ চি কাপুৰে কৈছে যে বিশ্বই চন্দ্ৰযান-৩-লৈ নিবিড় দৃষ্টিৰে, অতি আগ্ৰহেৰে চাই আছে । "ইছৰো হৈছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ মহাকাশ সংস্থা । আমি আশাকৰোঁ যে আমি মসৃণ অৱতৰণত সফল হ'ম । যাৰ লগে লগে চন্দ্ৰত মসৃণ অৱতৰণ (সফল অৱতৰণ) কৰা ইছৰো চতুৰ্থ সংস্থা হ'ব ।" তেওঁ কয় ।

উল্লেখ্য, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) এই গুৰুত্বপূৰ্ণ উদ্যোগটোৱে অগ্ৰণী মহাকাশ ভ্ৰমণকাৰী ৰাষ্ট্ৰসমূহৰ মাজত ভাৰতৰ স্থিতি দৃঢ় কৰিবলৈ সাজু হৈছে । কিয়নো ই পৃথিৱীৰ মহাকাশীয় সঙ্গীৰ অজ্ঞাত দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে ।

চন্দ্ৰযান-৩-ৰ লেণ্ডাৰ মডিউল মানুহৰ চতুৰতা আৰু সংকল্পৰ প্ৰমাণ হিচাপে থিয় হৈ আছে । লেণ্ডাৰ বিক্ৰম আৰু ৰ'ভাৰ প্ৰজ্ঞানক লৈ গঠিত এলএম-এ চন্দ্ৰৰ ভূখণ্ডত ইয়াৰ আসন্ন স্পৰ্শৰ সৈতে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । ঘড়ীটোৱে যিমানে সময়ৰ গতি আগবঢ়াই নিছে, সিমানে বিশ্বৰ মনোযোগ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চললৈ ঘূৰিছে । কিয়নো বুধবাৰে সন্ধিয়া ঠিক ৬.০৪ বজাত ভাৰতে এই সাহসী কাৰ্যটো সম্পন্ন কৰিবলৈ আগবাঢ়িছে ।

যদি ইয়াত সফল হয়, চন্দ্ৰযান-৩-ৰ অৱতৰণে ভাৰতৰ বাবে এক স্মৰণীয় মাইলৰ খুঁটি স্থাপন কৰিব । কিয়নো ইয়াৰ দ্বাৰা চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণৰ জটিল প্ৰযুক্তি আয়ত্ত কৰা ভাৰত চতুৰ্থখন ৰাষ্ট্ৰ হ'ব । আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ একে শাৰীত থিয় দিব ভাৰত । আনহাতে, ভাৰতৰ এই সফলতা মহাকাশ অন্বেষণৰ সীমা অতিক্ৰম কৰাৰ প্ৰতি দেশখনৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় হ'ব ।

উল্লেখ্য যে, চন্দ্ৰযান-৩ কেৱল এক বিজয়ৰ উদ্যোগ নহয়, বিজ্ঞান আৰু আৱিষ্কাৰৰ এক অভিযান । ইয়াৰ পূৰ্বসূৰী চন্দ্ৰযান-২-এ এই ভেটি নিৰ্মাণ কৰি থৈ গৈছে । এই অনুসৰণ অভিযানে এক বহুমুখী উদ্দেশ্য বহন কৰিছে । ইয়াৰ উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু মসৃণ অৱতৰণ ক্ষমতাৰ দক্ষতা প্ৰদৰ্শন কৰা ।

ইয়াৰ বাহিৰেও ই চন্দ্ৰৰ বিষয়ে মানুহৰ নজনা কথা জনাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । যাৰ দ্বাৰা ভ্ৰমণকাৰী কাৰ্যকলাপ আৰু ইন-চিটু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে চন্দ্ৰৰ প্ৰাচীন পৃষ্ঠৰ বুকুত লুকাই থকা ৰহস্য উন্মোচন কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Chandrayaan-3 soft-landing: জোনবাইৰ বুকুত ইতিহাস ৰচিবলৈ সাজু ভাৰত; দেশবাসী হ’ব বিৰল মূহুৰ্তৰ সাক্ষী

ABOUT THE AUTHOR

...view details