অসম

assam

ETV Bharat / bharat

ভাৰতৰ টীকাকৰণ অভিযানক প্ৰশংসা বিল গেটছৰ - Covid vaccination drive in India

চুইজাৰলেণ্ডৰ দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত দেশৰ স্বাস্থ্য মন্ত্ৰী মনসুখ মান্দাৱিয়া আৰু বিল গেটছে বৈঠকত মিলিত হয় (Bill Gates and Mansukh Mandaviya meeting)। বৈঠকত ভাৰতৰ টীকাকৰণ অভিযানক উচ্চ প্ৰশংসা কৰে বিল গেটছে । স্বাস্থ্যখণ্ডৰ বিভিন্ন বিষয়ও তেওঁলোকে আলোচনা কৰে ।

Vaccination drive
ভাৰতৰ টীকাকৰণ অভিযানক প্ৰশংসা বিল গেটছৰ

By

Published : May 29, 2022, 11:45 AM IST

নেশ্যনেল ডেস্ক,২৯ মে':ক'ভিড টীকাকৰণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে ভাৰতে (Covid vaccination drive in India)। নিজ দেশৰ লগতে বিদেশলৈও ক'ভিড প্ৰতিষেধক প্ৰেৰণ কৰি প্ৰশংসাৰ পাত্ৰ হৈছে ভাৰত । ইয়াৰ মাজতে বিশ্বৰ প্ৰভাৱশালী ব্যক্তিৰ অন্যতম বিল গেটছে প্ৰশংসা কৰিলে ভাৰতক (Bill Gates lauds vaccination drive of India)। ভাৰতৰ টীকাকৰণ অভিযানক প্ৰশংসা কৰিলে বিল গেটছে । চুইজাৰলেণ্ডৰ দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত দেশৰ স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ সৈতে বাৰ্তালাপ কৰি ভাৰতৰ টীকাকৰণ অভিযানক উচ্চ প্ৰশংসা কৰে বিল গেটছে (Bill Gates at WEF)।

গেটছে টুইটযোগে কয় যে ভাৰতৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে তেওঁ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচন কৰে । মনসুখ মান্দাৱিয়াক সাক্ষাৎ কৰি আনন্দও প্ৰকাশ বিল গেটছে । ভাৰতৰ টীকাকৰণ অভিযানে সমগ্ৰ বিশ্বতে স্বাস্থ্যখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে বুলি তেওঁ উল্লেখ কৰে ।

ইফালে ২৫ মে'ত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মনসুখ মান্দাৱিয়াই বিল গেটছৰ সৈতে ফটো শ্বেয়াৰ কৰি লিখিছিল যে বিশ্ব অৰ্থনৈতিক মঞ্চত বিল গেটছৰ সৈতে বাৰ্তালাপ কৰি তেওঁ আনন্দিত । মান্দাৱিয়াই লগতে কয় যে স্বাস্থ্যসেৱা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকে আলোচনা কৰিছিল । মন্ত্ৰীগৰাকীৰ মতে ডিজিটেল স্বাস্থ্যৰ প্ৰচাৰ, ৰোগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা, এমআৰএনএ আঞ্চলিক কেন্দ্ৰ স্থাপন, সুলভ আৰু মানদণ্ডৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা সঁজুলিৰ বিকাশ শক্তিশালী কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকীয়ে আলোচনা কৰে ।

লগতে পঢ়ক :য়াছিন মালিকৰ যাৱজ্জীৱন কাৰাদণ্ড বিৰুদ্ধে কৰা মন্তব্যক লৈ OICক ভাৰতৰ চৰকাৰৰ সকীয়নি

For All Latest Updates

ABOUT THE AUTHOR

...view details