ইণ্টাৰনেশ্যনেল ডেস্ক,২২ আগষ্ট :মেক্সিকো চহৰত চাঞ্চল্যকৰ গুলীচালনা । অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এজন ভাৰতীয় নাগৰিকক । আনহাতে দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত আহত আন এজন লোক । জানিব পৰা মতে দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক লুণ্ঠন কৰি লৈ যায় । ৰাজধানী চহৰৰ আলগাৰিন চুবুৰীয়া অঞ্চলত ১৯ আগষ্টত সংঘটিত হয় এই ঘটনাটো । মেক্সিকোৰ ভাৰতীয় দূতাবাসে এই কথা নিশ্চিত কৰাৰ লগতে মেক্সিকো প্ৰশাসনক অতি শীঘ্ৰে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে ।
দেওবাৰে এক্স-ত পোষ্ট কৰি দূতাবাসে কয় যে, এক অত্যন্ত দুখজনক আৰু হৃদয়বিদাৰক ঘটনাত মেক্সিকোত বাস কৰা এজন ভাৰতীয় নাগৰিকক কৰুণভাৱে গুলীয়াই হত্যা কৰা হৈছে । দূতাবাসে ভুক্তভোগী লোকজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছে আৰু সকলো সমৰ্থন আগবঢ়াইছে । দূতাবাসে জনোৱা মতে মেক্সিকান কৰ্তৃপক্ষক অতি শীঘ্ৰে অপৰাধীসকলক আটক কৰিবলৈ দাবী জনাইছে ।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অচিনাক্ত ডকাইতৰ দলে মেক্সিকো চহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ ঠাইডোখৰৰ পৰা ভাৰতীয় নাগৰিকসকলৰ পৰা ১০,০০০ ডলাৰ লুটি লৈ যায় । আৰক্ষীয়ে জনোৱা মতে দুখন মটৰচাইকেলত ৪ জন লোক আহিছিল আৰু ভাৰতীয় নাগৰিককেইজনক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আৰক্ষীয়ে জনোৱা মতে দুৰ্বৃত্তৰ দলটোৰ গুলীৰ আঘাতত মৃত্যু হৈছে এগৰাকী ভাৰতীয় নাগৰিকৰ । আনহাতে আহত আন এজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।