নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : বিহাৰৰ ৰাজধানী পাটনাত মহিলা আৰু শিশু বিকাশ নিগমে ইউনিচেফৰ (UNICEF) সহযোগত 'সবল কন্যা, সমৃদ্ধ বিহাৰ'ৰ (empowered daughters prosperity Bihar programme) বিষয়ত এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰে । উক্ত কৰ্মশালাত বহুতো শিক্ষাৰ্থী উপস্থিত থাকে ।
কাৰ্যসূচীত চৰকাৰী বিষয়াসকলে নাৰী সবলীকৰণৰ বিষয়ে আলোচনা কৰি থকাৰ সময়তে অনুষ্ঠানটোত উপস্থিত থকা শিশু বিকাশ নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হৰজ্যোত কৌৰ বামৰাই (Bihar WCDC MD irresponsible remarks) এগৰাকী ছাত্ৰীক দিয়া এক উত্তৰত সকলো হতবাক হৈ পৰে । লগতে তাত উপস্থিত থকা লোকসকল তেওঁৰ কথা শুনি আচৰিত হৈ পৰে । এগৰাকী ছাত্ৰীয়ে যেতিয়া চেনিটাৰী পেডৰ (sanitary pads) দাবী কৰে, তেতিয়া তেওঁ জিন্স পেণ্ট, জোতা আৰু পৰিয়াল পৰিকল্পনাৰ বিষয়ে এক অপ্ৰাসংগিক কথা উল্লেখ কৰে । যাৰ বাবে সকলোৱে হতবাক হয় ।
আইএএছগৰাকীয়ে দিয়ে এক অযৌক্তিক উত্তৰ (Bihar IAS absurd answer) : মহিলা আৰু শিশু বিকাশ নিগমৰ (Women and Child Development Corporation) পৰিচালন সঞ্চালক হৰজ্যোত কৌৰ বামৰাই সবল কন্যা, সমৃদ্ধ বিহাৰ অভিযানত যুৱতীসকলৰ কিছুমান প্ৰশ্নৰ দায়িত্বজ্ঞানহীন আৰু অসংবেদনশীল উত্তৰ দিয়ে । যিবোৰ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ আছে । পাটনাৰ কমলা নেহৰু নগৰৰ এগৰাকী ছাত্ৰী প্ৰিয়াই এক প্ৰশ্ন সুধিছিল যে চৰকাৰে যিহেতু সকলো দিয়ে, তেনে ক্ষেত্ৰত বিদ্যালয়সমূহক 20-30 টকাৰ চেনিটাৰী পেড কিয় দিব নোৱাৰে । এই প্ৰশ্নটোৰ উত্তৰত মহিলা আৰু শিশু বিকাশ নিগমৰ এমডি হৰজ্যোত কৌৰে দিয়া ব্যাখ্যাই কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা লোকসকলক স্তম্ভিত কৰি তোলে ।
"আজি আপোনালোকে চেনিটাৰী পেড বিচাৰিছে, কাইলৈ জিনছ পেণ্ট বিচাৰিব । পৰহিলৈ ধুনীয়া জোতা আৰু শেষত বিনামূলীয়াকৈ পৰিয়াল পৰিকল্পনাৰ উপায় বিচাৰিব । আপোনালোকে কিয় এয়া চৰকাৰৰ পৰা ল'ব লাগে । এই চিন্তাধাৰা ভুল আৰু নিজে কিবা এটা কৰিব লাগে ।" হৰজ্যোত কৌৰ বামৰাই উত্তৰত কয় ।