নেশ্যনেল ডেস্ক,১৩ অক্টোবৰ :বিহাৰৰ বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপৰ ৰে'ল দুৰ্ঘটনাক লৈ চৰ্চা অব্যাহত আছে । উদ্ধাৰ অভিযান চলি আছে যদিও ৰে'লপথটো এতিয়া ৰে'ল চলাচলৰ বাবে সাজু হৈ উঠা নাই । দিল্লী-হাওৰা ৰে'ল পথটো প্ৰায় ৩৩ ঘণ্টা ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে । অৱশ্যে, বহুতো ৰে'লৰ পথ সলনি কৰা হৈছে আৰু প্ৰায় ৩০ খন ৰে'ল বাতিল কৰা হৈছে । একে সময়তে, ৰে'ল দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ বক্সাৰত ৰে'ল সুৰক্ষাৰ সৈতে জড়িত বিষয়াসকল উপস্থিত হৈছে আৰু দুৰ্ঘটনা সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি আছে । বিষয়টো ৰে'লৱেৰ সুৰক্ষাৰ সৈতে সম্পৰ্কিত বাবে বেছিভাগ ৰে'ল সুৰক্ষা বিষয়াই দুৰ্ঘটনাস্থলীৰ বুজ লোৱা দেখা গৈছে ।
উল্লেখ্য যে এই দুৰ্ঘটনাত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'লখনৰ বহুকেইটা ডবা লাইনচ্যুত হৈছিল আৰু ৩ টা ডবা সম্পূৰ্ণৰূপে উলটি গৈছিল । দুৰ্ঘটনাটোত ৪ গৰাকী যাত্ৰীৰ মৃত্যু হয় । আনহাতে ৭৮ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে । আহতসকলক বক্সাৰ, ভোজপুৰ আৰু পাটনা এইমছত চিকিৎসা কৰি থকা হৈছে । ৰাজধানী পাটনাৰ এইমছত ১২ গৰাকী ৰোগীক ভৰ্তি কৰোৱা হৈছে । আটাইকেইজনকে বিপদমুক্ত বুলি কোৱা হৈছে ।
নিহতসকল ক্ৰমে ঊষা ভাণ্ডাৰী আৰু তেওঁৰ ৮ বছৰীয়া কন্যা আকৃতি বুলি চিনাক্ত কৰা হৈছে । ঊষা ভাণ্ডাৰী অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ জীয়াৰী। নিহত আন দুগৰাকী যুৱক ।