নেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী :অপৰাধীক ধৰাৰ নামত কি ধৰণৰ অভিযান চলাইছে বিহাৰ আৰক্ষীয়ে । এইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই অপমানিত হ'ল বিহাৰ আৰক্ষী । কোনো এটা ঘটনাৰ অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে ভুলবশতঃ কইনাৰ কোঠাত প্ৰৱেশ কৰিলে আৰক্ষীয়ে (Bihar Police wrongly entered bride's room)। বিহাৰৰ চাচাৰামৰ লখুন চৰাই অঞ্চলৰ ঘটনা এয়া ।
অভিযোগ অনুসৰি পৰিয়ালৰ লোকসকলে বাধা দিয়াৰ পাছতো ছাদৰ ফাকেৰে ঘৰটোত প্ৰৱেশ কৰে আৰক্ষীয়ে । প্ৰথমাৱস্থাত ভুল কৰিও আৰক্ষীয়ে মানিব বিচৰা নাছিল (Police reached wrong house for arrest in rohtas ) । ইফালে পৰিয়ালৰ লোকক আৰক্ষীয়ে মাৰপিট কৰাৰো অভিযোগ উঠিছে ।