নিউজ ডেস্ক, 3 নৱেম্বৰ :243 আসনযুক্ত বিহাৰ বিধানসভাৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ সৰ্বমুঠ 94 খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ মুঠ 2.85 কোটি ভোটাৰে 1,463 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব আজি ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পাটনা, ভগলপুৰ আৰু নালন্দাকে ধৰি গংগাৰ উত্তৰপাৰে অৱস্থিত 17 খন জিলাৰ 41,362টা ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মহাৰাজগঞ্জ সমষ্টিত সৰ্বাধিক 27গৰাকী প্ৰাৰ্থীয়ে আৰু দাৰউলাত সৰ্বনিম্ন 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আকৰ্ষণ হৈছে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ ৷ তেজস্বীয়ে ৰাঘোপুৰৰ পৰা আৰু তেওঁৰ ভাতৃ তেজপ্ৰতাপে হাছানপুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ মহাজোঁটবন্ধনৰ মুঠ 27 গৰাকী বিধায়কৰ আজি ভাগ্য নিৰ্ধাৰণ হ'ব ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আৰজেডিৰ 56 গৰাকী, বিজেপিৰ 27 গৰাকী আৰু জেডিইউৰ 25গৰাকী প্ৰাৰ্থী আছে ৷