অসম

assam

ETV Bharat / bharat

পুনৰ বহিঃৰাজ্যলৈ গমন বিহাৰৰ শ্ৰমিকৰ - ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ বৃদ্ধি

বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত ওলোৱা শ্ৰমিকৰ ভিৰ পৰিলক্ষিত হৈছে বিহাৰৰ ৰেল ষ্টেচনত ৷ বিহাৰ চৰকাৰৰ নিযুক্তি নোপোৱাত হতাশাত অন্য ৰাজ্যলৈ ৰাওনা হৈছে হাজাৰ হাজাৰ শ্ৰমিক ৷

Bihar migrants return back to cities in search of jobs
পুনৰ বহিঃৰাজ্যলৈ গমন বিহাৰৰ শ্ৰমিকৰ

By

Published : Jun 7, 2021, 10:49 PM IST

নেচনেল ডেক্স, 7 জুন :দেশজুৰি ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে অন্য ৰাজ্যত থকা বিহাৰৰ শ্ৰমিকবোৰে ঘৰলৈ উভতি গৈছিল ৷ বিহাৰত নিজৰ গৃহ চহৰলৈ উভতি অহা হাজাৰ হাজাৰ শ্ৰমিকে কোভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ হ্ৰাস হোৱাৰ মাজতে ৰাজ্যখনৰ বাহিৰত কাম বিচাৰিবলৈ আৰম্ভ কৰিছে ।

পুনৰ বহিঃৰাজ্যলৈ গমন বিহাৰৰ শ্ৰমিকৰ

উল্লেখ্য যে , বিহাৰ চৰকাৰে ৰাজ্যখনতেই চাকৰিৰ দিয়াৰ আশ্বাস প্ৰদান কৰিছিল যদিও শ্ৰমিকসকলে নিযুক্তি বিচাৰি পোৱা নাই ৷ বিহাৰৰ বেছিভাগ শ্ৰমিকে কামৰ সন্ধানত মহাৰাষ্ট্ৰ, দিল্লী আৰু গুজৰাটকে ধৰি আন ৰাজ্যলৈ ভ্ৰমণ কৰে ।

কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাছতেই পাটনাৰ মুখ্য ৰেল ষ্টেচনত হঠাৎ যাত্ৰীৰ ভিৰ হৈছে । শ্ৰমিকসকলে ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত তেওঁলোকৰ অগ্নি পৰীক্ষাৰ কথা বৰ্ণনা কৰে ৷ ৰাজ্যখনত চাকৰি পোৱাৰ আশা ক্ষীণ ৷ সেয়েহে তেওঁলোকে কৰ্মসংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাবলৈ আৰম্ভ কৰা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :দৰঙৰ খাৰুপেটিয়াত চিকিৎসকক অপদস্থ

ABOUT THE AUTHOR

...view details