অসম

assam

Patna opposition meeting: বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে সম্পূৰ্ণ ব্যস্ত বিহাৰৰ মুখ্যমন্ত্ৰী

By

Published : Jun 19, 2023, 11:08 AM IST

কংগ্ৰেছ দলৰ নেতাসকলৰ অসুবিধাৰ বাবেই প্ৰথমে ১৯ মে' আৰু তাৰ পাছক ১২ জুনত বিৰোধীৰ বৈঠক পিছুৱাই দিয়া হৈছিল । এতিয়া ২৩ জুনত হ'বলগীয়া বৈঠকৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী তৎপৰ হৈ পৰিছে । বিৰোধী নেতাসকলক আপ্যায়নৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ।

Patna opposition meeting
বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে সম্পূৰ্ণ ব্যস্ত বিহাৰৰ মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক,১৯ জুন : অহা ২৩ জুনত বিহাৰৰ ৰাজধানী পাটনাত অনুষ্ঠিত হ'ব বিজেপি বিৰোধী দলসমূহৰ গুৰুত্বপূৰ্ণ বৈঠক । এই বৃহৎ বৈঠকখনত দেশৰ বহু বিৰোধী দলৰ নেতাসকলে অংশগ্ৰহণ কৰিব । যাৰ বাবে বিহাৰ চৰকাৰে বৈঠকৰ ব্যাপক প্ৰস্তুতি চলাইছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই বৈঠকৰ প্ৰস্তুতি নিৰীক্ষণ কৰি আছে । ইফালে মুখ্যমন্ত্ৰীয়ে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি আৰু জ্যেষ্ঠ নেতাসকলক ২৩ জুনৰ বিৰোধীৰ বৈঠকখন সফল কৰাৰ বাবে বিভিন্ন দায়িত্ব দিছে ।

পাটনাৰ বৈঠকৰ বাবে দেশৰ ১৭ টাতকৈও অধিক দলৰ বিৰোধী নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে । ৰাহুল গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এছ পিৰ মুৰব্বী অখিলেশ যাদৱ, এন চি পিৰ মুৰব্বী শৰদ পাৱাৰ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনৰ আগমনৰ ওপৰত সকলোৰে দৃষ্টি আছে ।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে যিহেতু কংগ্ৰেছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি বিৰোধী দলসমূহৰ মিত্ৰতা গঢ়ি তুলিবলৈ ওলাইছে । সেয়ে সকলোৰে দৃষ্টি ৰাহুল গান্ধীৰ ওপৰত থাকিব । প্ৰথমে বিৰোধীৰ এই বৈঠক ১২ মে'ত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল । কিন্তু কৰ্ণাটক কেবিনেটৰ শপতগ্ৰহণৰ বাবে কংগ্ৰেছ নেতাসকল ব্যস্ত হৈ থকাৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছিল । আনহাতে ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণৰ বাবে পাটনাৰ বিৰোধী বৈঠক ১২ জুনৰ পৰাও পিছুৱাই দিয়া হৈছিল । সেই সময়ত, নীতিশ কুমাৰে কৈছিল যে কংগ্ৰেছ নেতৃত্বৰ অনুৰোধত অনুষ্ঠানটো পিছুৱাই দিয়া হৈছে ।

ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰীসকল আৰু অন্যান্য নেতা থকাৰ বাবে ব্যৱস্থা কৰা হৈছে । পাটনা আৱৰ্ত ভৱনটো অতিথিসকলক থকাৰ সুবিধাৰ বাবে সাজু কৰা হৈছে । আনহাতে বিহাৰৰ বিভিন্ন ব্যঞ্জন অতিথিসকলক পৰিৱেশন কৰা হ'ব । পাটনাৰ গুৰুত্বপূৰ্ণ হোটেলসমূহক ভিআইপি নেতাসকলক সুস্বাদু ব্যঞ্জন আৰু পানীয় পৰিৱেশন কৰাৰ দায়িত্ব দিয়া হৈছে ।

মুখ্যমন্ত্ৰীসকলক তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ ব্যঞ্জনৰ লগতে বিহাৰৰ সুস্বাদু আহাৰো পৰিৱেশন কৰোৱা হ'ব । বিহাৰৰ মুখ্যমন্ত্ৰীয়ে আতিথ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই । সঞ্জয় গান্ধীয়ে কোৱা মতে পূৰ্বৰ অনুষ্ঠানবোৰ নীতিশ কুমাৰ কিমান সুন্দৰকৈ আয়োজন কৰিছিল সকলোৱে দেখিছে । এইবাৰৰ অনুষ্ঠান আৰু বেছি গুৰুত্বপূৰ্ণ । এয়া হৈছে ২০২৪ চনৰ বৃহৎ যুঁজৰ প্ৰস্তুতি ।

লগতে পঢ়ক :BJP meeting in Jorhat; মোদী শাসনকালত বিদেশত ভাৰতৰ সন্মান বহুগুণ ওপৰত আছে: জে পি নাড্ডা

ABOUT THE AUTHOR

...view details