নিউজ ডেস্ক, ২৯ আগষ্ট :বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিয়া ব্লকৰ পৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'বলৈ চেষ্টা কৰাৰ জল্পনা-কল্পনাৰ মাজতে এই ক্ষেত্ৰত ৰগৰ কৰি হিন্দুস্তানী আৱাম মৰ্চাৰ (এইচএএম) নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝিয়ে কয় যে নীতিশ কুমাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো আকাংক্ষা নাই বুলি কোৱাৰ ক্ষেত্ৰতো এক গোপন ইচ্ছা আছে ।
বিহাৰৰ মন্ত্ৰী তথা জেডি(ইউ)ৰ নেতা শ্ৰৱণ কুমাৰে শেহতীয়াকৈ দিয়া মন্তব্যৰ সন্দৰ্ভত তেওঁ কয় যে হিন্দী বলয়ৰ লোকসকলে 'নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী বুলি আলোচনা কৰি আছে' । মাঝিয়ে কয় যে শ্ৰৱণ কুমাৰে যি কৈ আছে, সেয়া নীতিশ কুমাৰে কোৱা বুলি বিবেচনা কৰক ।
"তেওঁক (নীতিশ কুমাৰ) বেংগালুৰুত এক স্পষ্ট পথ দেখুওৱা হৈছিল । সেয়েহে তেওঁ ঘূৰি আহিছিল । মুম্বাইত কি হয় চাওঁ আহক । নীতিশ কুমাৰে কৈছে যে তেওঁ উচ্চাকাংক্ষী নহয় । 'না মে হাঁ হে ইয়ে' । বিহাৰৰ মন্ত্ৰী শ্ৰৱণ কুমাৰে যদি কিবা কৈছে, তেন্তে সেয়া নীতিশ কুমাৰে কোৱা কথা বুলি বিবেচনা কৰক । যদি তেওঁৰ (প্ৰধানমন্ত্ৰী হোৱাৰ) ইচ্ছা নাছিল, তেন্তে তেওঁ ইমান কিয় ঘূৰি ফুৰিলেহেঁতেন ?" জিতন ৰামে কয় ।