নেশ্যনেল ডেস্ক,৯ মাৰ্চ :বিহাৰত পুনৰ ধৰ্ষণৰ বলি হ'ল নাবালিকা (Bihar rape case)। বিদ্যালয়ৰ চৌহদত খেলি থকা নাবালিকাক ধৰ্ষণ সুৰাপায়ী ব্যক্তিৰ । এগৰাকী নাবালিকাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হয় । নাবালিকা কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে বিহাৰৰ বেগুচৰাই জিলাত সংঘটিত হৈছে এই যৌন নিৰ্যাতনৰ ঘটনা । বিদ্যালয় চৌহদত খেলি থকা দুই নাবালিকাক ধৰ্ষণৰ চেষ্টা কৰে ছোটু মাহাটো নামৰ এজন লোকে (Minor girl rape in Bihar)। চাহেবপুৰ কমল অঞ্চলৰ এখন গাঁৱত কিশোৰী দুগৰাকীয়ে বিদ্যালয় চৌহদত খেলি আছিল । তেতিয়াই সুৰাপায়ী ছোটু মাহাটোৱে বিদ্যালয় চৌহদত উপস্থিত হয় । খেলি থকা কিশোৰী দুগৰাকীক মাহাটোৱে আক্ৰমণৰ চেষ্টা কৰে ।
এগৰাকী কিশোৰী মাহাটোৰ কামনাৰ বলি হয় যদিও আন এগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । কিন্তু পলায়ন কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ কিশোৰীগৰাকী আঘাতপ্ৰাপ্ত হয় । ভুক্তভোগীৰ পৰিয়ালে জনোৱা মতে কিশোৰী দুগৰাকীয়ে খেলি থকাৰ সময়তে মাতাল ছোটু মাহাটোৱে তেওঁলোকক আক্ৰমণৰ চেষ্টা কৰে ।