অসম

assam

ETV Bharat / bharat

দিন হাজিৰা কৰা লোকলৈ ৩৭.৫ লাখ টকা আয় কৰৰ জাননী - পেন নম্বৰৰ বিপৰীতে আয়কৰ

দিন হাজৰি কৰা এজন লোকলৈ আহিল ৩৭.৫ লাখ টকা কৰৰ জাননী ৷ আয় কৰ বিভাগে লোকজনলৈ এই জাননী প্ৰেৰণ কৰাৰ পাছতে মূৰত সৰগ ভাগি পৰিছে লোকজনৰ ৷

IT noticed daily wager to pay tax
দিন হাজিৰা কৰা লোকলৈ আয়কৰ বিভাগে প্ৰেৰণ কৰিলে ৩৭.৫ লাখ টকা কৰৰ জাননী

By

Published : Aug 21, 2022, 5:12 PM IST

নিউজ ডেস্ক, 21 আগষ্ট: এজন দিন হাজিৰা কৰা লোকৰ দৈনিক আয় কিমান হ’ব পাৰে ? এই আয়ৰ বিপৰীতে আয়কৰ বিভাগৰ ওচৰত দিবলগীয়া কৰৰ পৰিমান হয়তো শূণ্য ৷ কিন্তু বিহাৰৰ এজন দিন হাজিৰা কৰা লোকলৈ আয়কৰ বিভাগে প্ৰেৰণ কৰা এজন জাননীয়ে চকু কঁপালত তুলিব আপোনাৰ (Bihar Daily wage earner noticed from Income Tax department)৷

দৈনিক 500 টকাকৈ হাজিৰা লাভ কৰা লোকজনলৈ আয়কৰ বিভাগে প্ৰেৰণ কৰিছে ৩৭.৫ লাখ টকা কৰৰ জাননী (IT noticed daily wager to pay tax) ৷ এই জাননী লাভ কৰাৰ পাছতে লোকজনৰ মূৰত সৰগ ভাগি পৰে ৷ বিহাৰৰ খগড়িয়া জিলাৰ মাঘৌনা গাঁৱৰ বাসিন্দা গিৰীশ যাদৱ নামৰ ভুক্তভোগী লোকজন বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ৷

গিৰীশ যাদৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি আৰক্ষী বিষয়া পুৰেন্দ্ৰ কুমাৰে কয় যে ঘটনা সন্দৰ্ভত প্ৰাৰ্থমিক তদন্ত আৰম্ভ কৰা হৈছে । ই এক প্ৰৱঞ্চনাৰ ঘটনা বুলি অভিহিত কৰে আৰক্ষী বিষয়াজনে ৷

উল্লেখ্য যে, গিৰীশ যাদৱৰ নামত থকা পেন নম্বৰৰ বিপৰীতে আয়কৰ বিভাগে প্ৰৰণ কৰিছে অস্বাভাৱিক কৰ প্ৰদানৰ জাননীখন । এই সন্দৰ্ভত যাদৱে কয় যে তেওঁ দিল্লীত লগুৱা হিচাবে কৰ্মৰত থাকোতে এটা দালালৰ জৰিয়তে পেন কাৰ্ড তৈয়াৰ কৰিবলৈ গৈছিল, কিন্তু সেই পেন কাৰ্ড তেওঁ লাভ কৰা নাছিল । উক্ত পেন কাৰ্ডখনত থকা তথ্য অনুসৰি গিৰীশ যাদৱ ৰাজস্থানস্থিত এটা কোম্পানীৰ সৈতে জড়িত ৷ ইফালে যাদৱে কয় যে তেও আজিলৈকে ৰাজস্থানলৈ গৈয়েই পোৱা নাই ৷

লগতে পঢ়ক:এইবাৰ গুৱাহাটীত পানী যোগান ধৰাৰ অদ্ভূত পৰিকল্পনা GMC ৰ

ABOUT THE AUTHOR

...view details