নিউজ ডেস্ক,19 ছেপ্টেম্বৰ : মঙলবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন প্ৰদান কৰাৰ লগে লগে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজনৈতিক দলসমূহৰ নেতাই ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ মহিলা সংৰক্ষণ বিধেয়ক আদৰণি জনাই টুইটযোগে তেওঁ কয় যে, আমি পূৰ্বৰ পৰা মহিলা সবলীকৰণৰ সন্দৰ্ভত মাত মাতি আহিছো ৷ সেই স্বৰূপে আমি বিহাৰত বহুতো ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছোঁ । 2006 চনৰ পৰা আমি পঞ্চায়ত নিৰ্বাচনত মহিলাৰ বাবে 50 শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিলো ৷ 2007 চনৰ পৰা পৌৰ নিগমত 50 শতাংশ মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, সংসদত মহিলাৰ বাবে আসন সংৰক্ষণৰ জৰিয়তে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ দৰে পিচপৰা আৰু আটাইতকৈ পিচপৰা শ্ৰেণীৰ মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা থাকিব বুলি বিশ্বাস কৰোঁ ৷ আনহাতে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰি পিচপৰা আৰু আটাইতকৈ পিচপৰা শ্ৰেণীৰ মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী কৰিব পাৰিলেহেঁতেন ৷