নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : দিল্লীত মিত্ৰজোঁট 'ইণ্ডিয়া' ৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছৰে পৰা ৰাজনৈতিক মহলত আলোচনা চলি আহিছে যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ অসন্তুষ্ট হৈ আছে । যাৰ বাবে তেওঁ বৈঠকৰ পিচত যুটীয়া সংবাদমেলতো উপস্থিত নাছিল । অৱশ্যে, বিহাৰৰ মুখ্যমন্ত্ৰীয়ে নিজেই এই সকলো খবৰ মিছা বুলি দাবী কৰিছে । পাটনাত সাংবাদিকৰ সন্মুখত নীতিশ কুমাৰে দাবী কৰিছে যে তেওঁৰ মিত্ৰজোঁট 'ইণ্ডিয়া'কলৈ কোনো অসন্তুষ্টি নাই । তেওঁ মিত্ৰতাৰ ওপৰত একেবাৰে সন্তুষ্ট ।
নীতিশ কুমাৰে সংবাদ মাধ্যমক কয়, "মোৰ অসন্তুষ্টিৰ বিষয়ে বহুতো বাতৰি প্ৰচাৰ হৈছে, যিটো সম্পূৰ্ণ মিছা । মই কিয় খং কৰিম ? মই সদায় চেষ্টা কৰি আহিছো যে ২০২৪ চনত বিজেপিক পৰাস্ত কৰিবলৈ সকলো বিৰোধী দল একত্ৰিত হ'ব লাগে । মই সদায় কৈ আহিছো যে মোৰ কোনো ইচ্ছা নাই, কেৱল সকলোৱে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব লাগে আৰু সকলোবোৰ সোনকালে হোৱা উচিত ।"