অসম

assam

ETV Bharat / bharat

Lathi Charge on Bihar BJP workers : আৰক্ষীৰ লাঠিচালনাক লৈ নিমাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

১৩ জুলাইত বিধানসভা ঘেৰাও কৰিবলৈ চেষ্টা কৰা বিজেপি নেতা আৰু কৰ্মীসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় আৰু এজন বিজেপি নেতাৰ মৃত্যু হয় । সমগ্ৰ বিষয়টোক লৈ বিজেপিয়ে উত্তাল কৰি তুলিছে । মুখ্যমন্ত্ৰীৰ নীৰৱতাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

By

Published : Jul 14, 2023, 5:25 PM IST

Lathi Charge on Bihar BJP workers
আৰক্ষীৰ লাঠিচালনাক লৈ নিমাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

নেশ্যনেল ডেস্ক,১৪ জুলাই : বিজেপি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনাক লৈ উত্তাল হৈ আছে সমগ্ৰ বিহাৰ । বিহাৰ বিধানসভাৰ শীতকালীন অধিৱেশনৰ পঞ্চম তথা অন্তিম দিনটোত এই বিষয়ক লৈ বিৰোধী বিজেপিয়ে তীব্ৰ হুলস্থূলৰ সৃষ্টি কৰা দেখা গ'ল । সদনৰ পৰা আৰম্ভ কৰি ৰাজপথলৈ বিজেপিয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে । আনহাতে বিজেপিয়ে ৰাজভৱনলৈ প্ৰতিবাদী সমদলো উলিয়াই আৰু ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে ।

উল্লেখ্য যে বৃহস্পতিবাৰে বিজেপিয়ে বিভিন্ন দাবীৰে বিধানসভা ঘেৰাও কৰিছিল । সেই সময়ছোৱাত, আৰক্ষী আৰু বিজেপি নেতাসকলৰ মাজত হতাহতি হৈছিল আৰু আৰক্ষীয়ে লাঠিচালনা কৰিছিল । য'ত এজন বিজেপি নেতা নিহত হৈছিল । এই বিষয়কলৈ সমগ্ৰ ৰাজ্য জ্বলি থকাৰ পাছতো কিন্তু এতিয়ালৈ মুখ খোলা নাই মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । বৰঞ্চ বিষয়টোৰ পৰা তেওঁ আঁতৰি আছে ! আনকি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰাও বিৰত আছে মুখ্যমন্ত্ৰীগৰাকী ।

সাংবাদিকে নীতিশ কুমাৰক লাঠিচালনাৰ ঘটনা সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ আন মন্ত্ৰীসকলৰ ফালে ঠেলি দিলে । লাঠিচালনাৰ ঘটনাত বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত নীতিশে কয় যে তেওঁলোকে ক'ব । অৰ্থাৎ তেওঁৰ সৈতে থকা মন্ত্ৰী অশোক চৌধুৰী আৰু বিজয় কুমাৰ চৌধুৰীৰ ফালে প্ৰশ্নটো ঠেলি দিলে ।

যি সময়ত এই বিষয়টোক লৈ সমগ্ৰ বিহাৰ উত্তেজনাপূৰ্ণ হৈ আছে, বিৰোধীয়ে সদনৰ পৰা আৰম্ভ কৰি ৰাজপথ কঁপাই তুলিছে । তেনে সময়তে ৰাজ্যখনৰ মুৰব্বীৰ নীৰৱতাই বিভিন্ন মহলত উদ্বেগৰ সৃষ্টি কৰিছে । বিজেপিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ মৌনস্থিতিক তীব্ৰ সমালোচনা কৰিছে । বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়েও নীতিশ কুমাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছে । তেওঁক নিষ্ঠুৰ বুলি অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰ চৰকাৰে ন্যায় বিচৰা লোকক সমৰ্থন কৰাসকলক লক্ষ্য কৰি লৈছে । মন্ত্ৰী নিত্যানন্দ ৰায়ে অভিযোগ কৰে যে বিহাৰত জংঘল ৰাজ-৩ ৰ আগমন হৈছে ।

লগতে পঢ়ক :BJP leader died in lathi charge : বিহাৰত আৰক্ষীৰ লাঠিচালনাত বিজেপি নেতাৰ মৃত্যু

ABOUT THE AUTHOR

...view details