নেশ্যনেল ডেস্ক,২২ মে':লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবে অধিক জোৰ দিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Nitish Kumar support for Opposition Unity)। যাৰ বাবে একপ্ৰকাৰ দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । দুদিন ধৰি দিল্লীত থাকি বহু বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰিছে নীতিশ কুমাৰে (Nitish Kumar in Delhi)। ভ্ৰমণৰ প্ৰথম দিনাই তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে ।
আনহাতে আজি দ্বিতীয় দিনা তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰিব । তেওঁৰ সৈতে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱো উপস্থিত থাকিব । দুয়োগৰাকী নেতাই পাটনাত প্ৰস্তাৱিত বিৰোধী দলসমূহৰ বৈঠকৰ তাৰিখ আলোচনা কৰিব বুলি আশা কৰা হৈছে (Bihar CM to meet Congress President)।
দেওবাৰে নীতিশ কুমাৰে অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে (Nitish Kumar met Delhi CM)। উপ মুখ্যমন্ত্ৰীয়ে তেজস্বী যাদৱ, লালন সিং আৰু সঞ্জয় ঝাৰ সৈতে নীতিশ কুমাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত কেজৰিৱালত সাক্ষাৎ কৰে আৰু দীৰ্ঘ সময় ধৰি কথা পাতে । পাছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি নীতিশে কয় যে অধিক সংখ্যক বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ'ব লাগে যাতে সংবিধান ৰক্ষা কৰিব পৰা যায় ।
দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) অধ্যাদেশ ২০২৩ (National Capital Territory of Delhi Amendment Ordinance, 2023) জাৰি কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তক সমালোচনা কৰি কুমাৰে কয় যে তেওঁ এই বিষয়ত কেজৰিৱালৰ সৈতে আছে ।