অসম

assam

ETV Bharat / bharat

Muzaffarpur Boat Accident: প্ৰসংগ মুজাফ্ফৰপুৰত নাও দুৰ্ঘটনা; তৃতীয় দিনাও উদ্ধাৰ অভিযান অব্যাহত

বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন লোকৰ সন্ধানত অভিযান অব্যাহত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ ৷ বৰ্তমানেও কেইবাজনো সন্ধানহীন হৈ আছে ৷

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 1:13 PM IST

Muzaffarpur Boat Accident
তৃতীয় দিনাও উদ্ধাৰ অভিযান অব্যাহত

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ : বিহাৰৰ মুজাফ্ফৰপুৰৰ বাগমতী নদীত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ সন্ধানত তৃতীয় দিনাও অভিযান অব্যাহত ৰাখিছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফে ৷ ইফালে নাও দুৰ্ঘটনাত সন্ধানহীনলোকৰ পাঁচটাকৈ মৃতদেহ শুকুৰবাৰে উদ্ধাৰ কৰিছিল উদ্ধাৰকাৰী দলে ৷

বৃহস্পতিবাৰে পুৱা বাগমতী নদীৰ মধুৰ পট্টি ঘাটৰ সমীপত যাত্ৰী কঢ়িওৱা এখন নাও ডুবি যায় । নাওখনত প্ৰায় 30 জনকৈ লোক আছিল । হঠাৎ হোৱা দুৰ্ঘটনাটোৰ পাচতে স্থানীয়লোকৰ সহায়ত 20 জনকৈ লোকক উদ্ধাৰ কৰা হৈছিল ৷ আনহাতে নদীৰ তীব্ৰ সোঁতে উটুৱাই নিয়ে কেইবাজনকো । ফলত শুকুৰবাৰে পাঁচটাকৈ মৃতদেহ উদ্ধাৰ কৰিছিল এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ৷ ইফালে বৰ্তমানেও সন্ধানহীন হৈ আছে পাঁচজনকৈ লোক ৷

আনহাতে শুকুৰবাৰে পুৱা দুৰ্ঘটনাস্থলীৰ পৰা 3-4 কিঃমি দূৰৰ পাগাদিহ গাঁৱৰ ওচৰত এটা শিশুৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে ৷ তাৰ পাচতে এছ ডি আৰ এফ বাহিনীয়ে শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷ মৃত শিশুটো আজমত বুলি চিনাক্ত কৰে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ ইফালে শুকুৰবাৰে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও বৰ্তমানেও পৰিচয় উদ্ধাৰ কৰিব পৰা নাই মৃত যুৱতীগৰাকীৰ ৷ ইফালে উদ্ধাৰ কৰা তিনিটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গাইঘাট চিএইচচিলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে প্ৰশাসনৰ লোকে ।

এই শোকাবহ নাও দুৰ্ঘটনাৰ পাচতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ আত্মীয়সকলক 4 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে ।

লগতে পঢ়ক:Alambagh railway colony accident : ঘৰৰ ছাদ খহি পৰি একেটা পৰিয়ালৰে ৫ গৰাকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details