নেশ্যনেল ডেস্ক, 22 জুলাই : বিহাৰত বিজেপিক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাক সাক্ষাৎ বিহাৰৰ সাংসদসকলৰ ৷ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী ৰেণুদেৱীয়ে এই কথা সদৰী কৰে ৷ উপ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে জে পি নাড্ডাৰে আলোচনাত মিলিত হৈছে বিহাৰ বিজেপিৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকল ৷ মূলত ৰাজ্যখনত বিজেপিক অধিক শক্তিশালী কৰি তোলাৰ লগতে বিহাৰৰ ৰাজনীতিত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে বিহাৰৰ উপ মুখ্যমন্ত্ৰী ৰেণু দেৱীয়ে ৷
বৃহস্পতিবাৰৰ সন্ধিয়া 8 বজাৰ পৰা নিশা প্ৰায় 10 বজালৈকে চলিব এই আলোচনা ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, "আমাৰ দলটো অতি শক্তিশালী ৷ বিজেপি বিশ্বৰ অন্যতম আগশাৰীৰ ৰাজনৈতিক দল ৷ আমাৰ সকলো প্ৰচেষ্টা ৰাজ্যখনত বিজেপিক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত হ'ব আৰু আজি নেতাসকলৰ সৈতে হোৱা চিন্তা-চৰ্চাৰ প্ৰতিফলন এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব" ৷ আমাক যি ভূমিকা পালনৰ নিৰ্দেশ আৰু দায়িত্ব দিয়া হ'ব বিহাৰলৈ উভতি অহাৰ পিছত সেইবোৰ সম্পূৰ্ণ আন্তৰিকতাৰে পালন কৰিম বুলিও মন্তব্য কৰে উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ৷