তেজপুৰ, ১৯ অক্টোবৰ: মণিপুৰত অব্যাহত থকা গোষ্ঠী সংঘাতৰ মাজতে মণিপুৰী মহিলাসকলে উদযাপন কৰা আটাইতকৈ ডাঙৰ আৰু উল্লেখযোগ্য উৎসৱ নিংগল চকৌবা এইবাৰ উচাহ-উদ্দীপনাৰে পালন নকৰাৰ আশংকাই দেখা দিছে পাইছে । এইবাৰ ৰাজ্যখনৰ বহু ব্যক্তি আৰু স্থানীয় সংগঠনে হিংসাৰ ফলত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ বাবে এই উৎসৱত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে ।
পৰম্পৰাগতভাৱে ১৫ নৱেম্বৰত উদযাপন কৰা নিংগল চাকৌবাত দেখা যায় যে মেইটেই মহিলাসকলে বিশেষকৈ বিবাহিতসকলে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি জন্মগৃহলৈ উভতি আহি পিতৃ-মাতৃ আৰু ভাই-ভনীৰ সৈতে আড়ম্বৰপূৰ্ণ ভোজত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত পিতৃ-মাতৃ আৰু ভাই-ভনীৰ পৰা বিভিন্ন উপহাৰ তথা আশীৰ্বাদ দিয়াৰ এক নিয়ম আছে ৷ তাৰ পিচত নিংগোল (মহিলা)সকলে উচাহেৰে ঘৰলৈ উভতি যায় । এই শুভ দিনটোত সংগীত কনচাৰ্ট আৰু শ্বুমাং লীলাকে (চোতাল থিয়েটাৰ) ধৰি বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচীও অনুষ্ঠিত হয় ।
উল্লেখ্য যে ৩ মে’ত উদ্ভৱ হোৱা জাতিগত সংঘাতত ১৭৫ জনতকৈ অধিক লোকৰ প্ৰাণহানি হৈছে, ১১০৮ জন লোক আহত হৈছে আৰু প্ৰায় ৬০ হাজাৰ লোকে গৃহহীন হৈ সাহায্য শিবিৰত আশ্ৰয় লৈছে । হাজাৰ হাজাৰ ঘৰ আৰু অন্যান্য সম্পত্তি ধ্বংস হোৱাৰ ফলত সাধাৰণতে আনন্দময় নিংগল চাকৌবাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে ।
ইম্ফল পশ্চিম জিলাৰ থাংমেইবন্দৰ বাসিন্দা চাইখোম অংবি টম্বি দেৱীয়ে প্ৰকাশ কৰে যে, “আমাৰ ৰাজ্যত হিংসা নহ’লে আমি ইতিমধ্যে আমাৰ বিবাহিত ছোৱালী আৰু মৰমৰ নিংগল (মহিলা)সকলৰ সৈতে পৰিয়ালৰ ভোজৰ বাবে মাছৰ ব্যঞ্জনৰ পৰা আৰম্ভ কৰি উপহাৰলৈকে সকলো পৰিকল্পনা কৰিলোহেঁতেন ।”
তেওঁ লগতে কয়, “যিহেতু সংঘাতত শোকসন্তপ্ত পৰিয়ালসমূহ নিজৰ আপোনজন নিহত, আহত হোৱাৰ বাবে শোকবিহ্বল হৈ আছে, যেতিয়া মানুহে নিজৰ ঘৰ-বাৰী হেৰুৱাই এতিয়া সাহায্য শিবিৰত আশ্ৰয় বিচাৰিছে আৰু যেতিয়া আনসকলে ৰাজহুৱা অশান্তিৰ ফলত ভুগিছে, তাত নিংগল চকৌবাত কোনো আনন্দ নাথাকিব । সেয়েহে আমি এইবাৰ উৎসৱ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছো ।”
একেধৰণৰ আৱেগ ব্যক্ত কৰি ইম্ফল পূব জিলাৰ প্ৰেমজিৎ সিঙে প্ৰকাশ কৰে যে তেওঁৰ এই বছৰ চকৌবা উদযাপনৰ কোনো প্ৰৱণতা নাই আৰু তেওঁ বিবাহিত ভগ্নীসকলক নিমন্ত্ৰণ নকৰাৰ সিদ্ধান্ত ।
একেখন জিলাৰ কনবা লাইশ্ৰম লেইকাইৰ এগৰাকী প্ৰাক্তন সাংবাদিক কেইশ্বাম অংবি অৰুণায়ো এই কথাত সন্মতি প্ৰকাশ কৰি কয়, “মণিপুৰী মহিলাসকলৰ বাবে উলাহ আৰু আনন্দৰ উৎসৱ চকৌবা উদযাপন কৰাটো অনুচিত বুলি অনুভৱ হয় ৷ যিহেতু ইমানবোৰ মানুহ সংঘাতৰ দ্বাৰা প্ৰভাৱিত হৈ আছে । তদুপৰি বহু অসামৰিক সংস্থাই আগন্তুক চকৌবাক ত্যাগ কৰিবলৈ আবেদন জনাইছে । ভুক্তভোগীৰ সৈতে সংহতি স্বৰূপে আমি এইবাৰ উদযাপন নকৰো ।”