নিউজ ডেস্ক, 23 আগষ্ট: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে চন্দ্ৰযান-৩ৰ চফ্ট-লেণ্ডিঙৰ Live টেলিকাষ্টৰ সুবিধা আগবঢ়াইছে আৰু বুধবাৰে সন্ধিয়া ৫.২০ বজাৰ পৰা এই টেলিকাষ্ট আৰম্ভ হ’ব । দেশৰ এই চন্দ্ৰ অভিযানৰ সফলতালৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে । ইছৰোৰ চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ বাবে নিৰ্ধাৰিত সময়ত এই ঐতিহাসিক দৃশ্য উপভোগৰ বাবে সমগ্ৰ দেশৰ প্লেনেটেৰিয়াম, শিক্ষানুষ্ঠান আৰু বিভিন্ন সংগঠনে প্ৰস্তুতি চলাইছে ।
বিদ্যালয়-মহাবিদ্যালয়সমূহে এই ঐতিহাসিক অৱতৰণৰ লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰিছে । বিজ্ঞানী আৰু শিক্ষকসকলে অন্তৰ্দৃষ্টিসম্পন্ন উপস্থাপন আগবঢ়াব আৰু ভাৰতৰ মহাকাশ ইতিহাসত এই গুৰুত্বপূৰ্ণ পৰিঘটনাৰ তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰিব ।
দিল্লীৰ ইন্দিৰা গান্ধী প্লেনেটেৰিয়ামৰ উদ্যোগত, আজি ইয়াৰ চৌহদত চন্দ্ৰযান-৩ সম্পৰ্কীয় এক কৰ্মশালাৰ আয়োজন কৰা হ’ব । পুৱা ১০:৩০ বজাৰ পৰা ১২:৩০ বজালৈ প্লেনেটেৰিয়ামৰ চৌহদত অনুষ্ঠিত হ’ব এই কৰ্মশালা । এই কৰ্মশালাত ৰিম’ট চেন্সিং এণ্ড এপ্লিকেচন চেণ্টাৰৰ বিজ্ঞানী ড৹ অনিৰুদ্ধ উনিয়ালে চন্দ্ৰৰ ওপৰত এক অন্তৰ্দৃষ্টিসম্পন্ন বক্তৃতা প্ৰদান কৰিব ৷ লগতে ইয়াৰ গঠনৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি আগবঢ়াব ।