নিউজ ডেস্ক, ৪ জুলাই : ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাত এখন বলেৰো আৰু এখন বুলেট মটৰচাইকেলৰ মাজত এক ভয়ানক সংঘৰ্ষ হয় । দুৰ্ঘটনাটোৰ ফলত বলেৰোখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা কুঁৱাত বাগৰি পৰে । এই দুৰ্ঘটনাত বলেৰোখনৰ ৬ জন যাত্ৰীৰ মৃত্যু হয় । আনহাতে, দুজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে সমগ্ৰ ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :speeding car rams in Hyderabad : প্ৰাতঃভ্ৰমণকাৰীক মহতিয়ালে তীব্ৰবেগী বাহনে; মাতৃ-কন্যাসহ নিহত ৩
উল্লেখ্য যে হাজাৰিবাগৰ পদ্ম ৰোমীত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটি । প্ৰাপ্ত তথ্য অনুসৰি, এখন গাড়ী আৰু এখন বাইকৰ মাজত হোৱা সংঘৰ্ষৰ পিছত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই কুঁৱাটোত পৰি যায় । ফলত এগৰাকী মহিলাসহ মুঠ ৬ জন লোকৰ মৃত্যু হয় । জানিব পৰা মতে, হাজাৰিবাগ অভিমুখে যোৱা এখন গাড়ীৰ পদ্ম ৰোমিৰ ওচৰত এখন বুলেটৰ সৈতে সংঘৰ্ষ হয় । বুলেটখনত খুন্দা মৰাৰ পিছত গাড়ীখনৰ চালকজনে বুলেট আৰোহীজনক বচাবলৈ চেষ্টা কৰোঁতে নিয়ন্ত্ৰণ হেৰুৱায় আৰু গাড়ীখন কাষতে থকা এটা কুঁৱাত বাগৰি পৰে ।
লগতে পঢ়ক :Maharashtra road accident: মহাৰাষ্ট্ৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে 7 জনে
ঘটনাৰ বিৱৰণী মতে, গাড়ীখনত থকা ৬ জন লোকৰ মৃত্যু হয় । আনহাতে, আন দুজন লোক গুৰুতৰভাৱে আহত হয় । আহতসকলক চিকিৎসাৰ বাবে হাজাৰিবাগ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী তথা প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হয় । আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰক্ষীয়ে মৃতদেহকেইটা চমজি লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আনহাতে, পথটোত যাতায়াত সুচল কৰাৰ বাবে আৰক্ষীয়ে প্ৰক্ৰিয়া চলাই আছে ।