অসম

assam

ETV Bharat / bharat

COVID-১৯ বিষয়ক প্ৰস্তাৱ গ্ৰহণ নকৰিবলৈ বাইডেনক আহ্বান - বিশ্ব বাণিজ্য সংস্থা

বিশ্ব বাণিজ্য সংস্থালৈ ভাৰত আৰু দক্ষিণ আফ্ৰিকাই আগবঢ়োৱা প্ৰস্তাৱ গ্ৰহণ নকৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনক আহ্বান জনালে ৪ গৰাকী ছিনেটৰে । মাইক লী, টম কটন, জনী আৰ্ণষ্ট আৰু ট'ড য়ুঙে এখন পত্ৰৰ জৰিয়তে ৰাষ্ট্ৰপতিক আহ্বান জনাইছে ।

COVID-১৯ বিষয়ক ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰস্তাৱ গ্ৰহণ নকৰিবলৈ বিদেনক আহ্বান ছিনেটৰৰ
COVID-১৯ বিষয়ক ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰস্তাৱ গ্ৰহণ নকৰিবলৈ বিদেনক আহ্বান ছিনেটৰৰ

By

Published : Mar 6, 2021, 1:26 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ মাৰ্চ: ভাৰত, দক্ষিণ আফ্ৰিকাকে ধৰি আন কেইবাখনো দেশে শেহতীয়াকৈ COVID-১৯ সম্পৰ্কীয় যিকোনো ধৰণৰ উদ্ভাৱনৰ বাবে সকলো বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ পৰা ৰেহাই দিবলৈ অনুৰোধ জনাই বিশ্ব বাণিজ্য সংস্থালৈ এক প্ৰস্তাৱ আগবঢ়াইছে । কিন্তু শুক্ৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪ গৰাকী শীৰ্ষ ছিনেটৰে মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনলৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁক এই প্ৰস্তাৱ গ্ৰহণ নকৰিবলৈ আহ্বান জনায় ।

মাইক লী, টম কটন, জনী আৰ্ণষ্ট আৰু ট'ড য়ুঙে প্ৰেৰণ কৰা এই পত্ৰখনত যুক্তি দৰ্শোৱা হৈছে যে, যদি তেওঁলোকে মাৰ্কিন কোম্পানীৰ দ্বাৰা বিকশিত কৰা বৌদ্ধিক সম্পত্তি ধ্বংস কৰে, তেন্তে হঠাতে COVID-১৯ প্ৰতিষেধক প্ৰস্তুতকাৰীৰ সংখ্যা বৃদ্ধি পাব । COVID-১৯ প্ৰতিষেধক আৰু চিকিৎসাৰ ওপৰত কাম কৰা প্ৰতিটো মাৰ্কিন কোম্পানীৰ বৌদ্ধিক সম্পত্তি ধ্বংস কৰাৰ দৰে হ'ব । জীৱন ৰক্ষাকাৰী প্ৰতিষেধক বিকশিত কৰি ইতিহাস ৰচনা কৰা কোম্পানীবোৰ প্ৰগতিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ এই প্ৰস্তাৱে বাধাৰ সৃষ্টি কৰিব বুলি অভিযোগ উত্থাপন কৰিছে ছিনেটৰকেইজনে ।

লগতে তেওঁলোকে কৈছে যে, কিছুমান দেশে বিশ্বাস কৰে যে, তেওঁলোকে আমেৰিকাৰ বৌদ্ধিক সম্পত্তি লাভ কৰি উপকৃত হ'ব । কিন্তু এইটো এটা ভুল । বৌদ্ধিক সম্পত্তিৰ সকলো অধিকাৰৰ পৰা ৰেহাই দিলে ভাইৰাছৰ নতুন ষ্ট্ৰেইনে সৃষ্টি কৰা সমস্যাৰ সমাধান কৰিবলৈ নতুন প্ৰতিষেধক তথা বুষ্টাৰৰ বিকাশ বন্ধ হ'ব বুলি সকীয়নি দিছে ৰিপাব্লিকান দলৰ ছিনেটৰকেইগৰাকীয়ে । তেওঁলোকৰ মতে, নতুন উৎপাদন প্ৰকল্প নিৰ্মাণ আৰু এই ঔষধবোৰ প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় সময় আৰু সম্পদৰ অভাৱৰ বাবে ই প্ৰতিষেধক যোগানৰ মাত্ৰা বৃদ্ধি কৰাত ব্যৰ্থ হ'ব ।

আনকি এই ৰেহাইৰ ফলত কিছুমান আমেৰিকাক অনুসৰণ কৰা একাংশ কোম্পানীয়ে মাৰ্কিন কোম্পানীবোৰে বিকশিত কৰা প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ চেষ্টা কৰাৰ সম্ভাৱনা আছে আৰু ই মান নিয়ন্ত্ৰণৰ সমস্যাৰ সৃষ্টি কৰিব বুলি ছিনেটৰকেইজনে উল্লেখ কৰিছে । তেওঁলোকৰ মতে, বিশ্বৰ এখন শক্তিশালী দেশ হিচাপে আমেৰিকাই আন দেশসমূহক মহামাৰীৰ সংকটৰ পৰা ৰক্ষা কৰাৰ বাবে সহায় কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিব পাৰে । কিন্তু বৌদ্ধিক সম্পত্তিৰ প্ৰতি আমাৰ অধিকাৰ ৰেহাই দিলে ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ এই অভিযান থমকি ৰ'ব আৰু ই আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বৰ বাবে এক নতুন সমস্যাৰ সৃষ্টি কৰিব ।

বৰ্তমান মহামাৰীৰ সংকট শেষ হোৱাৰ সময় আহি পৰিছে । ৫০ নিযুততকৈও অধিক মাৰ্কিন নাগৰিকৰ টীকাকৰণ সম্পন্ন হৈছে আৰু আক্ৰান্তৰ ঘটনা ৭৫ শতাংশতকৈও অধিক হ্ৰাস পাইছে । ছিনেটৰ কেইজনে পত্ৰখনত লিখিছে যে, এই মাৰাত্মক মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ অন্ত পেলাবলৈ তেওঁলোকে বিদেনৰ সৈতে কাম কৰিবলৈ সাজু হৈ আছে । কিন্তু তেওঁলোকে বৰ্তমান এই আঁচনিৰ বিৰুদ্ধে এক শক্তিশালী স্থিতি ল'বলৈ বিদেনক অনুৰোধ জনাইছে ।

এক বিবৃতিযোগে ইউ এছ চেম্বাৰ অৱ কমাৰ্চৰ গ্ল'বেল ইন'ভেচন পলিচি চেণ্টাৰ (জিআইপিচি)ৰ জ্যেষ্ঠ উপ-সভাপতি পেট্ৰিক কিলব্ৰিডে কয় যে, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱবোৰ বিপথগামী আৰু ইয়াৰ জৰিয়তে বিশ্বৰ কোটি কোটি নাগৰিকক প্ৰতিষেধক ক্ৰয়, বিতৰণ আৰু প্ৰয়োগ কৰিবলৈ দেশসমূহক সহায় কৰাৰ প্ৰকৃত কামৰ পৰা বিভ্ৰান্ত কৰা হৈছে । তেওঁ কয় যে, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ হ্ৰাস হোৱাৰ বাবে ভৱিষ্যতে মহামাৰীৰ প্ৰতিষেধকৰ বিকাশআৰু বিতৰণ অথবা চিকিৎসা আগবঢ়োৱা অধিক কঠিন হ'ব ।

আনহাতে, চলিত সপ্তাহৰ আৰম্ভণিতে, শতাধিক মাৰ্কিন সামাজিক সংগঠন আৰু তিনিজন শীৰ্ষ ছিনেটৰে বিডেনক বিশ্ব বাণিজ্য সংস্থাত COVID-১৯ প্ৰতিষেধকৰ ক্ষেত্ৰত ৰেহাই বন্ধ নকৰিবলৈ আহ্বান জনায় । তেওঁলোকৰ মতে, সমগ্ৰ বিশ্বতে COVID-১৯ মহামাৰীৰ প্ৰতিষেধকৰ বিকাশ আৰু ব্যৱহাৰৰ প্ৰয়োজনীয়তা আছে । গৃহ প্ৰযুক্তি সমিতিৰ অধ্যক্ষ ৰোজা ডেলাউৰে কয় যে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাই বিশ্ব বাণিজ্য সংস্থালৈ আগবঢ়োৱা ৰেহাইৰ প্ৰস্তাৱে উন্নয়নশীল দেশসমূহত চিকিৎসা আৰু প্ৰতিষেধক উপলব্ধ কৰি COVID-১৯ৰ সংকট দূৰ কৰি আগবাঢ়ি যোৱাত সহায় কৰিব । .

লগতে পঢ়ক: মগজুৰ অপাৰেচনৰ বাবে ধনৰ যোগাৰ 7 বছৰীয়া নাবালিকাৰ

ABOUT THE AUTHOR

...view details