ইন্টাৰনেশ্যনেল ডেস্ক, 27 জানুৱাৰী :মাৰ্কিন যুক্তৰাষ্ট্ৰত বৰ্ণবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আৰু বিভিন্ন বৰ্ণৰ মাজত সমতা স্থাপনৰ বাবে চাৰিটাকৈ কাৰ্যকৰী পদক্ষেপত স্বাক্ষৰ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ৷ নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰি, দেশখনত পদ্ধতিগতভাৱে বৰ্ণবাদ নিৰ্মূলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ গৃহ আৰু নগৰ উন্নয়ন বিভাগক নিৰ্দেশ প্ৰদান কৰি বাইডেনে এখন স্মাৰক পত্ৰত স্বাক্ষৰ কৰিছে ৷
বাইডেনে কয় যে, ‘‘মই কালিলৈকে এই বৰ্ণবাদ শেষ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ ৷ কিন্তু মই আপোনালোকক কথা দিছোঁ যে, আমি হোৱাইট হাউচৰ প্ৰত্যেকটো শাখাত পদ্ধতিগতভাৱে বৰ্ণবাদ নিৰ্মূলৰ বাবে অগ্ৰসৰ হৈছোঁ ৷ এই প্ৰচেষ্টাৰ অংশ হৈ পৰিছে ফেডাৰেল চৰকাৰ ৷’’ ইয়াৰ বাইডেনে উল্লেখ কৰে যে, ‘‘দৈনন্দিন কৰণীয় খিনিৰ ক্ষেত্ৰতো আমি ন্য়ায় আৰু সমতাৰ বজায় ৰাখিব লাগে ৷’’