অসম

assam

ETV Bharat / bharat

Chhattisgarh election 2023 : মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ মনোনয়ন দাখিল; ছত্তীশগড়ত প্ৰিয়ংকাৰ নিৰ্বাচনী ৰেলী - AICC general secretary Priyanka Gandhi

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ছত্তীশগড়ৰ খাইৰাগড় আৰু বিলাসপুৰত নিৰ্বাচনী জনসভা সম্বোধন কৰি কংগ্ৰেছ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলায় । আনহাতে, মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে সোমবাৰে নিজৰ মনোনয়ন দাখিল কৰে ।

মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ মনোনয়ন দাখিল
Chhattisgarh election 2023

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:08 PM IST

নিউজ ডেস্ক, ৩০ অক্টোবৰ : ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে মনোনয়ন দাখিল কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰী ভূপেশ বাঘেল বৰ্তমান পাটন বিধানসভা সমষ্টিৰ বিধায়ক আৰু উক্ত সমষ্টিৰ পৰাই কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে । আনহাতে, মনোনয়ন দাখিল কৰি মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ছত্তীশগড়ত পুনৰ কংগ্ৰেছ চৰকাৰ গঠন কৰাৰ দাবী কৰে ।

মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দূৰ্গ উপায়ুক্তৰ ওচৰত পাটন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে বিধানসভাৰ অধ্যক্ষ চৰণ দাস মহন্ত আৰু গৃহমন্ত্ৰী তাম্ৰধ্বজ চাহুও উপস্থিত থাকে । উল্লেখ্য যে ভূপেশ বাঘেলে বিজেপিৰ বিজয় বাঘেলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । পাটন আসনখনত ১৭ নৱেম্বৰত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে, ভোটগণনা অনুষ্ঠিত হ'ব ৩ ডিচেম্বৰত ।

ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সোমবাৰ হৈছে অন্তিম দিন । সেয়ে কংগ্ৰেছ, বিজেপি আৰু অন্যান্য দলৰ প্ৰাৰ্থীসকলে সোমবাৰে দূৰ্গ জিলাৰ পাটন, দূৰ্গ গ্ৰাম্য, দূৰ্গ চহৰ, বৈশালী নগৰ, ভিলাই নগৰ, অহিৱাৰা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে । ইফালে পাটনৰ বিজেপি প্ৰাৰ্থী বিজয় বাঘেলেও সোমবাৰে মনোনয়ন দাখিল কৰে । পাটনত ভূপেশ বাঘেল আৰু বিজয় বাঘেলৰ মাজত কঠিন যুঁজ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ, বিজেপিৰ লগতে বিভিন্ন দলৰ নেতাসকলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দুদিনীয়া ছত্তীশগড় ভ্ৰমণৰ পিছত প্ৰিয়ংকা গান্ধী ভাদ্ৰা সোমবাৰে ছত্তীশগড়ত উপস্থিত হয় ।

প্ৰিয়ংকা গান্ধীয়ে প্ৰথমে ছত্তীশগড়ৰ খাইৰাগড়ৰ জলবন্ধাত উপস্থিত হয় । ইয়াৰ পিছত প্ৰিয়ংকা গান্ধীয়ে বিলাসপুৰৰ পুলিচ গ্ৰাউণ্ডতো এখন নিৰ্বাচনী সভা সম্বোধন কৰে । উল্লেখ্য যে প্ৰিয়ংকা গান্ধীৰ এয়া হৈছে প্ৰথমবাৰ বিলাসপুৰ ভ্ৰমণ ।

ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধীয়ে শনিবাৰে কাঙ্কেৰ আৰু কোণ্ডাগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় । কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে শনিবাৰে ছত্তীশগড়ত কেজিৰ পৰা পিজিলৈ বিনামূলীয়া শিক্ষাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক :HARIMAU SHAKTI 2023 : হৰিমাউ শক্তি ২০২৩ অনুশীলন; উমৰৈত ভাৰত আৰু মালয়েছিয়ান সেনাৰ যুটীয়া অনুশীলন

ABOUT THE AUTHOR

...view details