অসম

assam

ETV Bharat / bharat

Bhupesh Baghel: প্ৰধানমন্ত্ৰীক মুণ্ডন কৰালেহে হিমন্ত বিশ্ব শৰ্মা হিন্দু বুলি প্ৰমাণিত হ’ব; ভূপেশ বাঘেল - ৰাহুল গান্ধী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক ৰামলাল্লা ভ্ৰমণ কৰিবলৈ প্ৰত্যাহ্বান জনোৱাৰ ওপৰত সৰৱ হৈছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল । তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে প্ৰধানমন্ত্ৰী মোদীক মুণ্ডন কৰাব লাগে, তেতিয়া এয়া প্ৰমাণিত হ'ব যে তেওঁলোক হিন্দু ।

Bhupesh Baghel
Bhupesh Baghel

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 6:17 PM IST

হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান ভূপেশ বাঘেলৰ

নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ: ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধে সৰৱ হৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ লগতে ভূপেশ বাঘেলক জনাইছিল কেইবাটাও প্ৰত্যাহ্বান ৷ ইয়াৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈছে বাঘেল ৷

ভূপেশ বাঘেলে বুধবাৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃৰ মৃত্যুৰ পাচত মুণ্ডন কৰা নাছিল ৷ যদিহে নৰেন্দ্ৰ মোদীয়ে মুণ্ডন কৰে তেতিয়াহে মই হিমন্ত বিশ্ব শৰ্মাক হিন্দু বুলি গণ্য কৰিম ৷

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বান সন্দৰ্ভত ভূপেশ বাঘেলে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা এগৰাকী হিন্দু । আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী হিন্দু আৰু যদি হিন্দু ধৰ্মৰ ভিত্তিত মাতৃ বা পিতৃৰ মৃত্যু হয়, তেন্তে পুত্ৰই মুণ্ডন কৰে । কিন্তু নৰেন্দ্ৰ মোদীয়ে সেয়া কৰা নাছিল ৷ মই হিমন্ত বিশ্ব শৰ্মাক ক’ব বিচাৰো যে মোদীজীয়ে তেওঁৰ মাতৃৰ মৃত্যুৰ পিছত মুণ্ডন কৰা নাছিল । মই তেওঁলোকক নৰেন্দ্ৰ মোদীজীৰ দাড়ি কাটিবলৈ কম, তেতিয়া মই হিমন্ত বিশ্ব শৰ্মাক হিন্দু হিচাপে বিবেচনা কৰিম ।’’

উল্লেখ্য যে তামিলনাডুৰ পৰা উদ্ভৱ হোৱা সনাতন ধৰ্ম বিতৰ্ক এতিয়া ছত্তীশগড় বিধানসভা নিৰ্বাচনত প্ৰৱেশ কৰিছে । বিজেপিয়ে ৰাজ্যখনত চৰকাৰ সলনি কৰিবলৈ সনাতন ধৰ্মৰ কথা উল্লেখ কৰি কংগ্ৰেছ আৰু I.N.D.I.A. মিত্ৰজোঁটক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ লগতে বিজেপিয়ে পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে ৷

সমগ্ৰ দেশৰ বিজেপি নেতা আৰু মন্ত্ৰীসকলে এই পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিছে । পৰিৱৰ্তন যাত্ৰা বুধবাৰে ছত্তীশগড়ৰ বেমেতাৰাত উপস্থিত হয় । অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল ।

পৰিৱৰ্তন যাত্ৰাত অংশ লোৱাৰ পিছত, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰায়পুৰত এখন সংবাদমেলও অনুষ্ঠিত কৰিমুখ্যমন্ত্ৰী ভূপেশ বাঘেলক মুকলিকৈ প্ৰত্যাহ্বান জনাই কয় যে যদি ভূপেশে নিজকে হিন্দু বুলি ভাবে, তেন্তে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক অযোধ্যাৰ ৰাম মন্দিৰলৈ লৈ যাওক ।

লগতে পঢ়ক:Himanta Biswa Sarma at Chhattisgarh: ছোনিয়া গান্ধী-ৰাহুল গান্ধী ৰামলাল্লালৈ গ’লে, আমি তেওঁলোকক হিন্দু বুলি মানি লম

ABOUT THE AUTHOR

...view details