নেশ্যনেল ডেস্ক,৭ জুলাই :ছত্তীশগড়ৰ বিলাসপুৰত শোকাৱহ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছে পিছফালৰ পৰা এখন ডাম্পাৰত খুন্দিয়ায় । ফলত ৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । বাছখনৰ ১০ জনতকৈ অধিক যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে । ৬ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় আৰু তাৰ ভিতৰত ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে ৰায়পুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বিশাল জনসভাৰ আয়োজন কৰা হৈছে । সেই অনুষ্ঠানলৈ অম্বিকাপুৰৰ পৰা একাংশ বিজেপি কৰ্মী বাছখনেৰে গৈ আছিল । কিন্তু তীব্ৰ বেগী বাছখনে ৰাস্তাত ৰৈ থকা এখন ডাম্পাৰত খুন্দা মাৰে । ফলত বাছখনত থকা ২ জন বিজেপি কৰ্মী নিহত হয় । চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আন এজন লোকৰ ৷ আনহাতে ১০ জনৰো অধিক লোক আহত হয় । আহতসকলক বিলাসপুৰৰ এপ'ল' চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
দুৰ্ঘটনাটো বেলটাৰা নামৰ এটা অঞ্চলত সংঘটিত হৈছে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ চকাবোৰ বহু দূৰলৈ ছিটিকি গৈছিল ।