চিটাৰা ডেস্ক, 5 এপ্ৰিল:বলিউডৰ তাৰকা ভূমি পেডনেকাৰ আক্ৰান্ত হৈছে ক'ভিড-19ত ৷ সোমবাৰে ছ'চিয়েল মিডিয়া যোগে এই কথা প্ৰকাশ কৰে 31 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ৷ অভিনেত্ৰী গৰাকীয়ে জনোৱা মতে, কিছুদিনৰ পৰা সামান্য লক্ষণ দেখা দিছিল ৷ লগে লগে আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি সকলো প্ৰট'কল মানি চলিছিল ৷
অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰাম যোগে অনুৰাগীসকলক অৱগত কৰি এক পোষ্ট শ্বেয়াৰ কৰিছিল। য'ত লিখিছিল, "মই ক'ভিড-19ত আক্ৰান্ত হৈছো । বৰ্তমানেও মোৰ দেহত কিছু লক্ষণ আছে ৷ গতিকে মোৰ সংস্পৰ্শলৈ অহা আটাইয়ে যাতে আছুতীয়াকৈ থাকি স্বাস্থ্য পৰীক্ষা কৰায় ৷