নিউজ ডেস্ক, ২১ মে' : বিভিন্ন সময়ত বিভিন্ন ৰাজ্যত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডই চৰ্চা লাভ কৰি আহিছে (strange case of Electricity Department) । বিশেষকৈ এক প্ৰকাৰ অসম্ভৱ বিদ্যুৎ বিলে গ্ৰাহকৰ নিদ্ৰাহৰণ কৰা ঘটনা প্ৰকাশ পাই আহিছে । বিদ্যুৎ বিভাগৰ পুনৰ তেনে এক কাণ্ডত চকু কপালত তুলিছে এগৰাকী বিদ্যুৎ গ্ৰাহকৰ (Shocking Electricity Bill received in Odisha) । ওড়িশাৰ ভুৱনেশ্বৰৰ এজন ব্যক্তিয়ে মে' মাহৰ বাবে লাভ কৰিছে ৭.৯ কোটি টকাৰ বিদ্যুতৰ বিল ।
এই বৃহৎ পৰিমাণৰ বিলখন পোৱাৰ পিছত উপভোক্তাজন হতবাক হৈ পৰে (Bhubaneswar man received 7 crore electricity bill) । ভুৱনেশ্বৰৰ বাসিন্দা দুৰ্গাপ্ৰসাদ পাটনায়ক নামৰ এই ব্যক্তিজনে নীলাদ্ৰী বিহাৰ অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰে । পাটনায়কে অভিযোগ কৰে যে, মাৰ্চত এটা স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিচতে তেওঁ এই অসম্ভৱ পৰিমাণৰ বিদ্যুতৰ বিল লাভ কৰে ।
এই সন্দৰ্ভত দুৰ্গাপ্ৰসাদ পাটনায়কে কয়, ''সাধাৰণতে এমাহত ঘৰুৱা বিল 700 টকাৰ পৰা 1,500 টকাৰ ভিতৰত হয় । কিন্তু স্মাৰ্ট মিটাৰ এটা স্থাপন কৰাৰ পিছত মই এপ্ৰিল মাহত 6,000 টকাৰ বৃহৎ পৰিমাণৰ বিল পৰিশোধ কৰোঁ (smart metre of electricity) । প্ৰতিমাহৰ দৰে যেতিয়া মই মোৰ বিল অনলাইনত পৰিশোধ কৰিবলৈ যাওঁ, তেতিয়া মই মে' মাহৰ বাবে বিলখন চাই আচৰিত হৈ পৰোঁ ।"