অসম

assam

ETV Bharat / bharat

ভুৱনেশ্বৰত 100% টিকাকৰণৰ দাবী পৌৰ নিগমৰ - গ্ৰাম্যাঞ্চল

কভি’ড মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সম্প্ৰতি সমগ্ৰ দেশত অব্যাহত ৰখা হৈছে টিকাকৰণ প্ৰক্ৰিয়া ৷ সকলো শ্ৰেণীৰ লোকে যাতে টিকাকৰণ লাভ কৰে তাৰবাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ এনে সময়তে ভুৱনেশ্বৰত 100% টিকাকৰণ সম্পূৰ্ণ কৰাৰ দাবী কৰিছে ভূৱনেশ্বৰ পৌৰ নিগমে ৷

Bhubaneswar claims to be 100 % vaccinated
ভুৱনেশ্বৰত 100% টিকাকৰণ

By

Published : Aug 4, 2021, 3:02 PM IST

নেশ্যনেল ডেস্ক, 4 আগষ্ট :ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰত ক’ভিড 19 (COVID-19) ৰ 100 শতাংশ টিকাকৰণ সম্পূৰ্ণ কৰা হৈছে । ৰাজ্যখনত দৈনিক নতুন সংক্ৰমণৰ লগতে ক’ভিড-19ত মৃত্যুৰ তালিকাৰ শীৰ্ষত থকা ভূৱনেশ্বৰ পৌৰ নিগমৰ অধীনস্থ অঞ্চলত 2 আগষ্টৰ ভিতৰত প্ৰায় 18,77,178 গৰাকী লোকক ভেকছিন প্ৰদান কৰা হৈছে । ইয়াৰে 10,71,676 গৰাকী লোকে ভেকছিনৰ প্ৰথম পালি আৰু 8,05,502 গৰাকী লোকে দ্বিতীয় পালি লাভ কৰিছে ৷

২০১১ চনৰ লোকপিয়ল অনুসৰি ভূৱনেশ্বৰৰ জনসংখ্যা ৮.৪৩ লাখ আছিল আৰু বিগত দহ বছৰত জিলাখনৰ জনসংখ্যা প্ৰায় ১১ লাখ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে । অৰ্থাৎ ভূৱনেশ্বৰত কেৱল 18 বছৰৰ উৰ্দ্ধৰ লোকক ভেকছিন দিয়া হৈছে ৷ যাৰ ফলত চহৰখনত 100 শতাংশ টিকাকৰণৰ লক্ষ্য সম্পূৰ্ণ কৰা হৈছে ।

ভূৱনেশ্বৰৰ পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত লক্ষ্মীকান্ত চেঠীয়ে সদৰি কৰা অনুসৰি, নাগৰিক সংস্থাই চহৰখনৰ উপকণ্ঠৰ গ্ৰাম্যাঞ্চলৰ লোককে ধৰি সকলো হিতাধিকাৰীক সাঙুৰি লৈছিল । চহৰখনৰ উপকণ্ঠৰ বহু লোক নিয়মীয়াকৈ চহৰলৈ যাতায়াত কৰে আৰু সেয়েহে এই সকলো লোকক ভেকছিন দিয়া হৈছে ৷

তেওঁ লগতে কয় যে, ওড়িশাৰ ৰাজধানী চহৰখনত সৰ্বাধিক 1,00,607 গৰাকী লোক ক’ভিড-19 ত আক্ৰান্ত হৈছিল ৷ ইয়াৰে 97,154 গৰাকী ৰোগী আৰোগ্য হৈছে ৷ আনহাতে জিলাখনত প্ৰায় ৮৩৭ গৰাকী ৰোগীৰ ক’ভিড-19 ত মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমানো সক্ৰিয় হৈ আছে ২,৫৯৫ টা সক্ৰিয় ঘটনা । ভুৱনেশ্বৰত ২০২০ চনৰ ১৫ মাৰ্চত প্ৰথমটো আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল আৰু ৭ এপ্ৰিলত প্ৰথমজন ৰোগীৰ মৃত্যু হয় ।

লগতে পঢ়ক :স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা

ABOUT THE AUTHOR

...view details