নেশ্যনেল ডেস্ক,৩ আগষ্ট : মধ্যপ্ৰদেশৰ ভূপালত চাঞ্চল্যকৰ ঘটনা । এগৰাকী যুৱতীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে খাদ্য ডেলিভাৰী কোম্পানী জমেটো (Zomato)। 'Zomato'ৱে খাদ্য অৰ্ডাৰ নিদিবলৈও বিনম্ৰভাৱে যুৱতীগৰাকীক অনুৰোধ জনায় ।
উল্লেখ্য যে যুৱতীগৰাকীয়ে প্ৰাক্তন প্ৰেমিকক হাৰাশাস্তি কৰাৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে Zomatoক । অভিযোগ অনুসৰি প্ৰাক্তন প্ৰেমিকৰ ঠিকনাত খাদ্য অৰ্ডাৰ দিয়ে যুৱতীগৰাকীয়ে । তেওঁ কেচ অন ডেলিভাৰীত (Cash on delivery) খাদ্য অৰ্ডাৰ দিয়ে যদিও প্ৰাক্তন প্ৰেমিকে সেই খাদ্য ল'বলৈ আৰু ধন পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰে । যাৰ ফলত ডেলিভাৰী বয় বা কোম্পানীটো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় । যুৱতীগৰাকী ভূপালৰ অংকিতা বুলি জানিব পৰা গৈছে । এতিয়ালৈ প্ৰায় ৩ বাৰ এনেকৈ অংকিতাই প্ৰাক্তন প্ৰেমিকৰ নামত খাদ্য অৰ্ডাৰ কৰিছে । কিন্তু প্ৰতিবাৰে প্ৰাক্তন প্ৰেমিকজনে সেই অৰ্ডাৰ ল'বলৈ অস্বীকাৰ কৰে ।
অৱশেষত উপায়ন্তৰ হৈ অনলাইন খাদ্য ডেলিভাৰী Zomato কোম্পানীয়ে এই সন্দৰ্ভত টুইট কৰিবলৈ বাধ্য হয় । টুইটৰ জৰিয়তে কোম্পানীটোৱে অংকিতাক তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ বাবে খাদ্য অৰ্ডাৰ কৰা বন্ধ কৰিবলৈ অনুৰোধ জনায় । কিয়নো কোম্পানীটোৱে উল্লেখ কৰা মতে এতিয়ালৈ ৩ বাৰ এনে হৈছে যেতিয়া প্ৰাক্তন প্ৰেমিকে খাদ্যৰ বাবে ধন পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছে । প্ৰেমিক আৰু প্ৰেমিকাৰ কাজিয়াৰ মাজত একপ্ৰকাৰ অনলাইন খাদ্য ডেলিভাৰী কোম্পানীটোৱে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে ।
ভূপালৰ যুৱতীৰ কৰ্মকাণ্ডত হায়ৰাণ 'Zomato' কোম্পানীটোৰ টুইটৰ পাছতে সামাজিক মাধ্যমত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । টুইটটোত বিভিন্ন ধৰণৰ কমেণ্ট দেখা গৈছে । ১,০০০ ৰো অধিক ব্যৱহাৰকাৰীয়ে ৰিটুইট কৰিছে আৰু কম সময়ৰ ভিতৰতে ১০,০০০ ৰো অধিক লোকে পোষ্টটো লাইক কৰে । বহুতে বিষয়টো গুৰুতৰভাৱে লৈছে যদিও একাংশই আকৌ ধেমেলীয়া কমেণ্ট কৰাও দেখা গৈছে ।
লগতে পঢ়ক :Laborers trapped after well ring collapses in Pune: কুঁৱা নিৰ্মাণৰ সময়ত মাটিৰ স্তূপ ভাঙি আৱদ্ধ ৪ শ্ৰমিক