নেশ্যনেল ডেস্ক, ১ মাৰ্চ:দেশ কঁপোৱা ভূপাল-উজ্জয়িনী যাত্ৰীবাহী ৰে’ল বিস্ফোৰণ ঘটনাৰ কথা আপোনাৰ মনত আছেনে (Bhopal Ujjain train blast case)? সূদীৰ্ঘ 6 বছৰৰ মূৰত ন্যায় পালে ভূপাল-উজ্জয়িনী যাত্ৰীবাহী ৰে’ল বিস্ফোৰণ ঘটনাৰ ভুক্তভোগীয়ে ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) (National Investigation Agency) ৰ বিশেষ আদালতে ২০১৭ চনত সংঘটিত হোৱা ৰে’ল বিস্ফোৰণ গোচৰৰ ৮ দোষীৰ ভিতৰত ৭ দোষীক মৃত্যুদণ্ডৰ ৰায়দান দিয়ে (NIA court awards death penalty)৷ ইয়াৰে এটা দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে (life imprisonment awards convict)৷
নিয়া আদালতে মহম্মদ ফৈজল, গৌছ মহম্মদ খান, আজহাৰ, আতিফ মুজাফ্ফৰ, ডেনিছ, মীৰ হুছেইন, আচিফ ইকবালক মৃত্যুদণ্ড বিহাৰ লগতে আৰু আতিফ ইৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে (Death penalty to 7 of 8 convicts)। আদালতে অভিযুক্তকেইটাক ভাৰতীৰ দণ্ডবিধিৰ ১২১, ১২১এ, ১২২, ১২৩ ধাৰা, বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৭, ১৮, ১৮বি, ২৩, ৩৮ আৰু অস্ত্ৰ আইনৰ ৩/২৫/৩৫ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছিল ।
উল্লেখ্য যে ২০১৭ চনৰ ৭ মাৰ্চত ভূপালৰ পৰা উজ্জয়িনী অভিমুখে আহি থকা যাত্ৰীবাহী এখন ৰে’লত বোমা বিস্ফোৰণ হৈছিল (Passenger train bomb blast) ৷ মধ্য প্ৰদেশৰ শাজাপুৰ জিলাৰ জাবৰি ৰে’ল ষ্টেচনত পুৱা ৯.৩০ বজাৰ পৰা ১০ বজাৰ ভিতৰত ৰে’লখনৰ এটা সাধাৰণ শ্ৰেণীৰ ডবাত বিস্ফোৰণটো সংঘটিত হৈছিল । চকুৰ পচাৰতে দাও দাওকৈ জ্বলি উঠিছিল ৰে’লখনৰ ডবাটো ৷ এই বোমা বিস্ফোৰণত ১০ গৰাকী যাত্ৰী আহত হয়।
ইছলামিক ৰাষ্ট্ৰৰ দ্বাৰা ভাৰতত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা এইটো প্ৰথমটো ঘটনা বুলি কোৱা হয় ৷ বোমা বিস্ফোৰণৰ পিচতে আৰক্ষীয়ে লক্ষ্ণৌৰ এক সংঘৰ্ষত এটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছিল ৷ আৰক্ষীৰ তদন্তত এই ঘটনাটো মৌলবাদী সংগঠনে সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছিল ৷