নেশ্যনেল, 18 এপ্ৰিল :ভূপালৰ হামিদিয়া চিকিৎসালয়ৰ পৰা ৰেমডেচিভিৰ 800 টা প্ৰতিষেধক চুৰি হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাচত চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ চহৰখনত ৷ ঘটনা সন্দৰ্ভত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই কোহেফিজা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰতিষেধক চুৰি সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
আৰক্ষীয়ে ইতিমধ্যে চিচি টিভি ফুটেজ সংগ্ৰহ কৰি ফুটেজৰ ভিত্তিত চুৰি কাণ্ডৰ তদন্ত আৰম্ভ কৰি এই কাণ্ডৰ লগত কোন জড়িত আছে সেয়া বিচাৰি উলিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে কোহেফিজা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিল বাজপেয়ীয়ে চিকিৎসালয়ৰ কৰ্মচাৰী চুৰিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷