কলিয়াবৰ, 15 জানুৱাৰী :ৰাজ্যজুৰি উলহে মালহে পালন কৰা হৈছে ভোগালী বিহু ৷ এইবাৰ অসমৰ লগতে গান্ধীৰ ৰাজ্যত ভোগালীৰ উম ৷ গুজৰাটতস্থিত অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহু ৷ গুজৰাটত কৰ্মসূত্ৰে বসবাস কৰা অসমীয়াই এতিয়াও এৰি দিয়া নাই শিপা । ৰাজ্যৰ লগতে আজি আহমেদাবাদত মেজি প্ৰজ্বলন কৰি অসমবাসীৰ সুখ-সমৃদ্ধি কামনা কৰিছে প্ৰৱাসী অসমীয়াই ৷
অসমৰ পৰা আঁতৰত থাকি শিক্ষাগ্ৰহণ কৰা নৱপ্ৰজন্মৰ শিশু, যুৱক-যুৱতীক অসমীয়া সংস্কৃতিৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্যেৰে অসমীয়া উৎসৱ-পাৰ্বনসমূহ গুজৰাটবাসী অসমীয়াই পালন কৰি আহিছে । এইবেলি আহমেদাবাদ আছাম এছচিয়েচনৰ উদ্যোগত আহমেদাবাদৰ প্ৰাকৃতিক তেল গেছ নিগম (ONGC)ৰ কমিউনিটি হলত দেওবাৰে নিশা ভোজভাত খাই ভোগালীৰ উৰুকা পালন কৰে। লগতে অনুষ্ঠিত হয় এক মনোৰম সাংস্কৃতিক অনুষ্ঠানৰ । অসম সাংস্কৃতিক সঞ্চালকালয় আৰু গুজৰাট যুৱ আৰু সাংস্কৃতিক বিভাগৰ সহযোগত ভোগালী বিহু উদ্যাপনৰ লগতে সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ জৰিয়তে দুই ৰাজ্যৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।