নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ :ছত্তীশগড়ৰ ভিলাইত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ৰুংটা মহাবিদ্যালয়ৰ এগৰাকী আইটিআই শিক্ষাৰ্থীয়ে হোষ্টেলৰ কোঠাতে চিপ লৈ আত্মহত্যা কৰে । আৰক্ষীয়ে ছাত্ৰজনৰ ওচৰৰ পৰা এখন চুইচাইড নোট উদ্ধাৰ কৰিছে । চুইচাইড নোটখন তেওঁ পিতৃ-মাতৃক সম্বোধন কৰি লিখিছিল । য'ত তেওঁ পিতৃ-মাতৃক ক্ষমা বিচাৰিছে ।
মৃত ছাত্ৰজনৰ নাম নিখিল বাৰ্মা বুলি জানিব পৰা গৈছে । লিটিয়া চকীৰ অন্তৰ্গত দৰ্কি গাঁৱৰ বাসিন্দা আছিল নিখিল । ১৯ বছৰীয়া নিখিলে ভিলাইৰ ৰুংটা মহাবিদ্যালয়ত আইটিআইৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছিল । কিন্তু হঠাৎ ছাত্ৰজনৰ আত্মহত্যাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পৰিয়ালৰ লোকসকলৰ মাজত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । শোকত ভাগি পৰিছে সকলো । নিখিলৰ মৃত্যুক এতিয়াও সহজভাৱে ল'ব পৰা নাই পৰিয়ালটোৱে । পৰিয়ালৰ সদস্যৰ মতে নিখিল মেধাৱী ছাত্ৰ আছিল । কোনো লোকৰ সৈতে তেওঁৰ শত্ৰুতাও নাছিল ।