আগৰতলা, ২৭ ডিচেম্বৰ: ডিমাপুৰৰ উত্তৰ-পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ আৰু ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ত্ৰিপুৰাত আজিৰে পৰা "ভাৰতক জানক" শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Bhart ko jaano Programme organised in Tripura) । এই কাৰ্যসূচীৰ অধিনতে ত্ৰিপুৰাৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব । ২৯ ডিচেম্বৰত এই অনুষ্ঠানৰ সামৰণি পৰিব ।
অনুষ্ঠানটিৰ বিষয়বস্তু হৈছে "ৰাষ্ট্ৰীয় সাংস্কৃতিক বিনিময় কাৰ্যসূচী" । গ্ৰাম্য আৰু নগৰ অঞ্চল উভয়তে লোক নৃত্য আৰু জনজাতীয় নৃত্যৰ অনুষ্ঠান আয়োজন কৰা হ'ব । দেশৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু সংস্কৃতিৰ জৰিয়তে ৰাষ্ট্ৰক একত্ৰীকৰণৰ মনোভাৱৰ প্ৰচাৰৰ বাবে এনে অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ত্ৰিপুৰাৰ উদয়পুৰ, জিৰানিয়া আৰু আগৰতলাত বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে । উত্তৰ-পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰই সংবাদ বিবৃতিযোগে এই কথা জানিবলৈ দিছে ।