অসম

assam

ETV Bharat / bharat

মানৱ দেহত পৰীক্ষণৰ অনুমতি লাভ zydus cadila ৰ - কৰ'ণা ভেকচিন

ভাৰতৰ দ্বিতীয়টো ঔষধ কোম্পানী Zydus Cadila য়ে মানৱ দেহত মহামাৰী COVID-19ৰ ভেকচিন প্ৰয়োগৰ বাবে লাভ কৰিছে অনুমতি । ZyCoV-D নামৰ এবিধ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে কোম্পানীটোৱে । শীঘ্ৰে ১,০০০ জন ব্যক্তিৰ দেহত এই ভেকচিনৰ পৰীক্ষণ কৰিব কোম্পানীটোৱে ।

মানৱ দেহত পৰীক্ষণৰ অনুমতি লাভ zydus cadila ৰ
মানৱ দেহত পৰীক্ষণৰ অনুমতি লাভ zydus cadila ৰ

By

Published : Jul 15, 2020, 10:29 PM IST

নিউজ ডেস্ক, ১৫ জুলাইঃ ঔষধ নিৰ্মাণ কোম্পানী Zydus Cadila য়ে মানৱ দেহত প্ৰয়োগ কৰিবৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে মহামাৰী COVID-19ৰ ভেকচিন । ZyCoV-D নামৰ এবিধ ভেকচিন উলিয়াইছে কোম্পানীটোৱে । দেশৰ ভিন্ন প্ৰান্তৰ ১,০০০ জন ব্যক্তিৰ দেহত এই ভেকচিন পৰীক্ষণ কৰিব বুলি জানিবলৈ দিয়ে কোম্পানীটোৱে ।

কোম্পানীটোৱে সদৰি কৰা অনুসৰি, ভেকচিনটো পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰথম পৰ্যায় আৰম্ভ কৰিছে কোম্পানীটোৱে । তাৰোপৰি কোম্পানীটোৱে লাহে লাহে ভেকচিনৰ পালি বঢ়োৱাৰ লগতে অধ্যয়নৰ জৰিয়তে ভেকচিনটোৰ সুৰক্ষা আৰু সহন যোগ্যতা অনুসন্ধান কৰিব বুলি সদৰি কৰে ।

চলিত মাহৰ আৰম্ভণিতে Zydus Cadila মানৱ দেহত প্ৰয়োগৰ বাবে অনুমতি লাভ কৰে । উল্লেখ্য যে, কৰ'ণা ভেকচিন মানৱ দেহত প্ৰয়োগ কৰাৰ বাবে অনুমতি লাভ কৰা এইটো হৈছে ভাৰতৰ দ্বিতীয়টো কোম্পানী ।

লগতে চাওকঃবানাক্ৰান্তৰ মাজত আছুৰ সাহাৰ্য বিতৰণ

ABOUT THE AUTHOR

...view details