নিউজ ডেস্ক, 15 জুলাই: ঔষধ নিৰ্মাতা কোম্পানী জিডছ কেডিলাই (Zydus Cadila) জনোৱা মতে, ক'ভিড-19 ৰ প্ৰতিষেধক ZyCoV-D ৰ প্ৰতিষেধকৰ মানৱ পৰীক্ষণৰ কাম আৰম্ভ কৰা হৈছে ৷ এই পৰীক্ষণ বিভিন্ন পৰ্যায়ত কৰা হ’ব ৷ দেশৰ বিভিন্ন স্থানৰ প্ৰায় 1000 লোকে এই পৰীক্ষণত অংশগ্ৰহণ কৰিব ৷
কোম্পানীটোৰ ফালৰ পৰা প্ৰকাশ কৰা মতে, ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ পৰীক্ষণত লাহে লাহে ডজ বৃদ্ধি কৰা হ’ব আৰু অধ্যয়নত প্ৰতিষেধকটো কিমান সুৰক্ষিত তাৰ ওপৰত নিৰীক্ষণ কৰা হ’ব ৷
এই মাহৰ আৰম্ভণিত মানৱ পৰীক্ষণৰ অনুমোদন লাভ কৰিছিল জিডছ কেডিলাই ৷ কৰ’ণা ভাইৰাছৰ মানৱ পৰীক্ষণ কৰা দ্বিতীয় ভাৰতীয় কোম্পানী হৈছে জিডছ কেডিলা ৷ ইয়াৰ পূৰ্বে COVAXIN ৰ মানৱ পৰীক্ষণৰ ট্ৰায়েল আৰম্ভ কৰা হৈছিল ৷