নিউজ ডেস্ক, 6 আগষ্ট:ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানী Zydus Cadilaই বুধবাৰে ঘোষণা কৰা মতে, ক’ভিড-19 মহামাৰীক ৰোধ কৰিবলৈ Plasmid DNA ভেকচিনৰ প্ৰথম ক্লিনিকেল পৰীক্ষাত ZyCoV-Dক সুৰক্ষিত আৰু উন্নত ধৰণে পোৱা গৈছে ৷ আনহাতে, কোম্পানীটোৱে বৃহস্পতিবাৰে দ্বিতীয় স্তৰৰ ক্লিনিকেল পৰীক্ষা সম্পন্ন কৰিব ৷ এই কোম্পানীটোৱে প্ৰতিবেদন জনোৱা মতে, চলিত বৰ্ষৰ 15 জুলাইত আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষাত সুস্থ স্বয়মসেৱকসকলক ভেকচিন প্ৰদান কৰা হয় আৰু তেওঁলোকে ভালদৰে ইয়াৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হয় ৷
ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত এই ভেকচিনৰ 7 দিনীয়া সুৰক্ষাক Data Safety Monitoring Board (DSMB)য়ে সমৰ্থন কৰিছিল ৷ ZyCoV-Dৰ দ্বিতীয় স্তৰৰ অধ্যয়ণত 1000 গৰাকীৰো অধিক সুস্থ জ্যেষ্ঠ স্বয়মসেৱকক প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ডোজ বৃদ্ধি, বহুস্তৰীয়, ডাবল ব্লাইণ্ড, প্লেচেবো নিয়ন্ত্ৰিত অধ্যয়ণৰ অংশ হিচাপে ভাগ ল’বলৈ দিয়া হ’ব ৷
ZyCoV-Dৰ সৈতে কোম্পানীয়ে অপ্ৰতিলিপি আৰু অসংহতকৰণ প্লাস্মিডৰ প্ৰয়োগ কৰি দেশত DNA ভেকচিন প্লেটফ’ৰ্মক সফলভাৱে স্থাপন কৰিছে ৷